ETV Bharat / state

কৰিমগঞ্জত গ্ৰামোন্নয়নৰ আঁচনিৰ ধন আত্মসাতৰ অভিযোগ - দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত ইলাশপুৰ পঞ্চায়ত

কৰিমগঞ্জত দুৰ্নীতিৰ শিখৰত উপনীত হৈছে একাংশ গাঁও পঞ্চায়ত ৷ এই অভিযোগ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত ইলাশপুৰ পঞ্চায়তৰ ৰাইজৰ ৷ পঞ্চায়তৰ দুৰ্নীতি সন্দৰ্ভত বিভাগীয় বিষয়াৰ ওচৰত তথ্য প্ৰমাণ দিয়াৰ পাছতো নিৰৱ ভূমিকা পালন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

alleged money laundering in several rural development scheme in karimganj
কৰিমগঞ্জত গ্ৰামোন্নয়নৰ আঁচনিৰ ধন আত্মসাতৰ অভিযোগ
author img

By

Published : Dec 17, 2020, 1:57 PM IST

কৰিমগঞ্জ, 17 ডিচেম্বৰ: দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত ইলাশপুৰ পঞ্চায়তৰ সভানেত্ৰী সামিমা বেগমৰ বিৰুদ্ধে গ্ৰামোন্নয়নৰ বিভিন্ন আঁচনিৰ ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছে ৷ পঞ্চায়তটোৰ একাংশ ৰাইজৰ অভিযোগ মতে কৰিমগঞ্জৰ একাংশ গাঁও পঞ্চায়ত দুৰ্নীতিৰ শিখৰত উপনীত হৈছে আৰু তাৰেই এক প্ৰমাণ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত ইলাশপুৰ পঞ্চায়ত ৷ পঞ্চায়তটোত দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰাৰ লগতে পঞ্চায়তৰ দুৰ্নীতি সন্দৰ্ভত বিভাগীয় বিষয়াৰ ওচৰত তথ্য প্ৰমাণ দিয়াৰ পাছতো সংশ্লিষ্ট কৰ্তৃপক্ষই নিৰৱ ভূমিকা পালন কৰা কাৰ্যক পঞ্চায়তৰ ৰাইজে ৰহস্যজনক আখ্যা দিছে ৷

ইলাশপুৰ পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিৰ মহিলা নেত্ৰী শীপ্ৰা গুনৰ সৰৱ ভূমিকা

সভানেত্ৰীৰ বিৰুদ্ধে বিশেষকৈ 16-17 আৰু 17-18 বিত্তীয় বৰ্ষৰ চতুৰ্থ বিত্তীয় আয়োগৰ আঁচনিৰ নামত লাখ লাখ টকা আত্মসাতৰ অভিযোগ উঠিছে ৷ ৰাইজৰ অভিযোগ তথ্য ফলক আৰু বাস্তৱ কামৰ মাজত যথেষ্ট বিসংগতি ধৰা পৰিলেও বিভাগীয় বিষয়াই নিৰৱ দৰ্শকৰ ভূমিকা অবলম্বন কৰিছে ৷

সম্প্ৰতি ইলাশপুৰ পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিৰ মহিলা নেত্ৰী শীপ্ৰা গুনে এক সৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে ৷ বিজেপিৰ নেত্ৰী গৰাকীয়ে পাথাৰকান্দি খন্ড উন্নয়ন বিষয়া ইকবাল আহমেদক লগত লৈ বিভিন্ন আঁচনিৰ চৰজমিন তদন্ত কৰি বিভিন্ন বিসংগতি ধৰা পেলোৱাৰ বিপৰীতে খণ্ড উন্নয়ন বিষয়া ইকবাল আহমেদে এই বিসংগতি সমূহ প্ৰত্যক্ষ কৰি ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক:কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা আয়োজনক লৈ সৰৱ কংগ্ৰেছ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.