কৰিমগঞ্জ, 5 নবেম্বৰ : সুদীর্ঘ এবছৰ পিচত দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে কৰিমগঞ্জত উপস্থিত হ’ব এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল ৷ বুধবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰে কৰিমগঞ্জৰ জিলা এ আই ইউ ডিএফৰ সভাপতি আজিজুৰ ৰহমান তালুকদাৰে । আগন্তুক বিধানসভা নির্বাচনৰ বাবে দলীয় স্থিতি মজবুত কৰাৰ লক্ষ্যৰে বদৰপুৰ আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিত কর্মী সম্মিলনত যোগদান কৰিব আজমলে । তেওঁৰ লগতে উপস্থিত থাকিব দলটোৰ কেন্দ্রীয় নেতৃত্ব ৷
![AIUDF chief badaruddin Ajmal will visit Karimganj on Sunday](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9435219_kj.jpg)
উল্লেখযোগ্য যে, 2021 অনুষ্ঠিত হ’ব লগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজ্যত ৰাজনৈতিক দলসমূহে কুচকাৱাজ আৰম্ভ কৰিছে ৷ বিজেপি আৰু অগপ মিত্ৰযোঁজটৰ উপৰিও এইবাৰ মিত্ৰতা স্থাপন কৰিছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ৷ তাৰ মাজতে ৰাজ্যত আত্মপ্ৰকাশ কৰিছে দুটাকৈ নতুন আঞ্চলিক দলে ৷ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হৈছে অসম জাতীয় পৰিষদ ৷ ইয়াৰ সমান্তৰাল কৈ অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তি সংগ্ৰাম সমিতি, অৰূপ বৰবৰাৰ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ, অদিপ ফুকনৰ অসম সংগ্ৰামী মঞ্চ আদি কেইবাটাও সংগঠন লগ হৈ গঠন কৰিছে ৰাইজৰ দল নামেৰে আন এক আঞ্চলিক দল ৷ আনহাতে, ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অজিত ভূঞাৰ নেতৃত্বত গঠন হৈছে আঞ্চলিক গণ মৰ্চা নামেৰে এটা ৰাজ নৈতিক দল ৷
![AIUDF chief badaruddin Ajmal will visit Karimganj on Sunday](https://etvbharatimages.akamaized.net/etvbharat/prod-images/_05112020003348_0511f_1604516628_1095.jpg)
দেখা যায় যে, কা বিৰোধী আন্দোলক সাৰথি কৰি ইতিমধ্যে বিজেপি চৰকাৰক ওফৰাবলৈ উঠি পৰি লাগিছে এই সমূহ শক্তি ৷ যাৰ পৰিপ্ৰেক্ষিতত জন্ম হৈছে কেইবাটাও দলৰ ৷ অৱশ্যে ৰাজ্যৰ বিজ্ঞ মহলে আটাইবোৰ আঞ্চলিক শক্তিক একগোট হোৱাৰ আহ্বান জনাইছে যদিও কাৰ্যঃ সেয়া সম্ভৱ হৈ উঠা নাই ৷ আন একাংশৰ মতে বহুধা বিভক্ত আঞ্চলিক শক্তিয়ে বাৰুকৈয়ে সহায় কৰিব বিজেপিক ৷ নিৰ্বাচনৰ দিন কাষ চাপিলেহে ৰাজনৈতিক প্ৰেক্ষাপটখন আৰু স্পষ্ট হৈ পৰিব ৷
লগতে পঢ়ক : সাংবাদিকৰ মহানুভৱতাঃ উদ্ধাৰ কৰিলে এগৰাকী বৃদ্ধাক