ETV Bharat / state

Assam floods: বৰাক উপত্যকাৰ তিনিখন জিলাত প্ৰশাসনৰ হাই এলাৰ্ট - বৰাক উপত্যকাৰ তিনিখন জিলালৈ প্ৰশাসনৰ হাই এলাৰ্ট জাৰি

ভয়াৱহ ৰূপ ধাৰণ কৰিছে বৰাক উপত্যকাৰ তিনিখন জিলাৰ বান পৰিস্থিতি । বৰাক উপত্যকাৰ তিনিখন জিলাত প্ৰশাসনৰ হাই এলাৰ্ট (High alert issued to three districts of Barak Valley)৷

Administration's high alert issued to three districts of Barak Valley
বৰাক উপত্যকাৰ তিনিখন জিলালৈ প্ৰশাসনৰ হাই এলাৰ্ট জাৰি
author img

By

Published : May 18, 2022, 11:03 PM IST

কৰিমগঞ্জ, 18 মে': বৰাক উপত্যকাৰ তিনিখন জিলাত বান পৰিস্থিতি ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে (High alert issued to three districts of Barak Valley)। বুধবাৰে সন্ধিয়া বৰাক আৰু কুশিয়াৰা নৈৰ বিপদ সীমাৰ দুই ছেন্টিমিটাৰ ওপৰত প্ৰবাহিত হৈছে । বৰাক উপত্যকাৰ তিনিখন জিলাত বানৰ কৱলত পৰি নতুনকৈ প্লাবিত হৈছে ৯৮ খন গাঁও আৰু চহৰ ।

ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথসমূতো বানৰ কৱলত পৰিছে । শিলচৰ পৰা কৰিমগঞ্জৰ ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাকৰ পানীত সম্পূৰ্ণৰূপে ডুব গৈছে । ইতিমধ্যে শিলচৰৰ পৰা বিমানবন্দৰ হৈ যোৱাৰ ভিআইপি ৰোড, কালাইনৰ পৰা শিলচৰ সড়ক বন্ধ কৰিছে কাছাৰ জিলা প্ৰশাসনে । শিলচৰ চহৰ আৰু কৰিমগঞ্জৰ বদৰপুৰত হাইলাকান্দি চহৰৰতো বানে সংহাৰী ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে ।

Administration's high alert issued to three districts of Barak Valley
বৰাক উপত্যকাৰ তিনিখন জিলালৈ প্ৰশাসনৰ হাই এলাৰ্ট জাৰি

তিনিখন জিলাত বাঢ়নী পানীৰ কৱলত পৰা ৰাইজৰ উদ্ধাৰ অভিযানৰ নামি পৰিছে SDRF আৰু NDRF বাহিনীৰ জোৱান । ইতিমধ্যে ৩০টা শিবিৰত কেইবা শতাধিক বান পীড়িত আশ্ৰয় গ্ৰহণ কৰি আছে । কৰিমগঞ্জ জিলাৰ বহু ঠাইত পানীৰ ফলত গৰাখহনীয়াৰ কৱলত পৰা পৰিলক্ষিত হৈছে । সেয়ে এতিয়া ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

Assam floods: বৰাক উপত্যকাৰ তিনিখন জিলালৈ প্ৰশাসনৰ হাই এলাৰ্ট জাৰি

সম্প্ৰতি, ত্ৰিপুৰা মিজোৰাম মণিপুৰৰ সৈতে প্ৰশাসনৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে । বৰাক উপত্যকাৰ তিনিখন জিলাত খাদ্য সামগ্ৰী আৰু পেট্ৰ'ল ডিজেলৰ নাটনি হৈছে । ইতিমধ্যে বহু বান পীড়িত লোক খাদ্য সংকটত ভূগিবলগীয়া হৈছে ৷ আনহাতে জিলা উপায়ুক্ত কীৰ্থি জাল্লিয়ে বুধবাৰে কাছাৰ জিলাবাসীক এক বিশেষ নিদৰ্শনা জাৰি কৰি সম্প্ৰতি সকলো লোককে সাৱধানে থাকিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : কিয় ধ্বংসস্তুপত পৰিণত হ'ল ডিমা হাচাওত ৰেলৱেৰ অভিলাসী প্ৰকল্প ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.