কৰিমগঞ্জ, 7 জানুৱাৰী: কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ এগৰাকী প্ৰতিভাবান যুৱক মদন ৰায় ৷ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ যুৱকগৰাকীয়ে আৰ্থিক প্ৰত্যাহ্বানকো নেওচি কৰিমগঞ্জত এখন গেৰেজত মটৰ মেকানিকেৰ কাম আৰম্ভ কৰে ৷ দুবছৰ ধৰি নিজৰ পকেটৰ ধনেৰেই ইটোৰ পিছত সিটো যন্ত্ৰ আৱিস্কাৰ কৰিছে তেওঁ ৷
প্ৰমাৱস্থাত নিজ উদ্ভাৱনী কৌশলেৰে তেওঁ আৱিস্কাৰ কৰে হেলিকপ্টাৰ, স্পীড বোট, বুলড'জাৰ আৰু এখন বেটাৰীচালিত স্কুটী ৷ তেওঁক উদ্ভাৱনে চমক সৃষ্টি কৰিছিল বহু লোকৰ মনত ৷ কিন্তু পৰিতাপৰ বিষয় যে, যুৱকগৰাকীয়ে আজি পৰ্যন্ত পোৱা নাই কোনো চৰকাৰী সুবিধা ৷ ইমানখিনি প্ৰতিভাৰ অধিকাৰী হৈয়ো আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ যুৱকগৰাকীয়ে বাৰম্বাৰ মন্ত্ৰী-বিধায়কক আৰ্থিক সাহায্য বিচৰা স্বত্বেও তেওঁ কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে তেওঁ পুনৰ সংবাদ মাধ্যমযোগে শাসনাধীস্থ চৰকাৰ খনক পুনৰ এবাৰ আহ্বান জনালে তেওঁক এধানি সহায়ৰ হাত আগবঢ়াবলৈ ৷