ETV Bharat / state

এগৰাকী মহিলাক কেন্দ্ৰ কৰি নিশা কৰিমগঞ্জত চাঞ্চল্য

author img

By

Published : Apr 24, 2020, 2:56 PM IST

মেঘালয়ৰ এগৰাকী অচিনাকি মহিলাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা, কনি আৰু তৰমুজ কঢ়িওৱা গাড়ীৰে নিশা কৰিমগঞ্জত চাঞ্চল্য ৷

a lady coming form meghaalaya at karimganj
এগৰাকী মহিলাক কেন্দ্ৰ কৰি নিশা কৰিমগঞ্জত চাঞ্চ্ল্য

কৰিমগঞ্জ, 24 এপ্ৰিলঃ ক'ৰণা সংক্ৰমণ ৰোধিবৰ বাবে দেশজুৰি বৰ্তমানে দ্বিতীয় পৰ্যায়ৰ লক ডাউন চলি আছে ৷ আন্তঃৰাজ্যিক যাতায়ত দূৰৈৰে কথা আন্তঃজিলা যোগাযোগ পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে। তেনে অবস্থাত বৃহস্পতিবাৰে নিশাৰ ভাগত কৰিমগঞ্জৰ কায়স্থগ্ৰামত মেঘালয়ৰ লাটোমবাইৰ পৰা আহি উপস্থিত হয় এগৰাকী মহিলা। মহিলা গৰাকীক নিশাৰ ভাগত ঘূৰি ফুৰা দেখি একাংশ স্থানীয়লোকে সোধা পোছা কৰাত মহিলা গৰাকীয়ে নিজৰ নাম ছাইবা দাস বুলি জনায় আৰু ঘৰ ঘুগৰাকোনা গাঁৱত বুলি প্ৰকাশ কৰে । তেওঁ মেঘালয়ৰ পৰা কণী কঢ়িওৱা বহিঃৰাজ্যৰ এখন গাড়ীৰে প্ৰথমে কৰিমগঞ্জ আৰু ইয়াৰ পিছত তৰমুজ কঢ়িওৱা এখন গাড়ীৰে কায়স্থগ্ৰামত আহি উপস্থিত হয় ৷

স্থানীয় ৰাইজে প্ৰথমে নিলামবজাৰ আৰক্ষীৰ লগত যোগাযোগ কৰাত মহিলাগৰাকীৰ দায়িত্ব ল'বলৈ অস্বীকাৰ কৰাত কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ কাষ চাপে ৷ অবশেষত আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ঘটনাস্থলীত স্বাস্থ্য কৰ্মীৰ এটা দল উপস্থিত হৈ প্ৰাথমিক পৰীক্ষাৰ অন্তত হাতত ছিল লগাই মহিলা গৰাকীক নিজৰ ঘৰত চৈধ্য দিন কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে,যি সময়ত আন্তঃৰাজ্যিক যোগাযোগ সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছে সেই সময়ত মেঘালয়ৰ পৰা কৰিমগঞ্জ পাওতে আৰক্ষীৰ কেবাখনো বেৰিকেড অতিক্ৰম কৰিব লাগে । তেনে স্থলত কেনেদৰে আৰক্ষীৰ চকুত ধুলি দি মহিলা গৰাকী কায়স্থগ্ৰামত উপস্থিত হ‘ল তাক লৈ প্ৰশ্নৰ অবতাৰণা হৈছে ৷
লগতে চাওকঃ গোলাঘাটত সমুখ সমৰত বন্যহস্তী আৰু মানুহ!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.