ETV Bharat / state

পাঁচ মহীয়া শিশু হত্যাকাৰীক উচিত শাস্তিৰ দাবী কৰিমগঞ্জ প্ৰেছ ক্লাৱৰ

author img

By

Published : Aug 13, 2020, 8:08 AM IST

কৰিমগঞ্জৰ পাঁচমহীয়া শিশু অপহৰণ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল-সংগঠনৰ লগতে কৰিমগঞ্জ প্ৰেছ ক্লাৱ ৷ অতি শীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে সংগঠনটোৰ সদস্যসকলে ৷

5 month old baby murder in Karimganj : press club demands justice
পাঁচ মহীয়া শিশু হত্যাকাৰীক উচিত শাস্তিৰ দাবী কৰিমগঞ্জ প্ৰেছ ক্লাৱৰ

কৰিমগঞ্জ, 13 আগষ্টঃ কৰিমগঞ্জ জিলাৰ শিলচৰত লোমহৰ্ষক হত্যাৰ বলি হৈছিল ধ্ৰুৱজ্যোতি নাথ নামৰ এটি পাঁচ মহিয়া শিশু ৷ ইতিমধ্যে উক্ত ঘটনাৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজ ৷

ঠিক একেদৰে কৰিমগঞ্জ প্ৰেছ ক্লাৱৰ সদস্যসকলেও উক্ত ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কৰিমগঞ্জৰ নেতাজী মূৰ্তিৰ তলত ধ্ৰুৱজ্যোতি নাথৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে । প্ৰেছ ক্লাৱৰ সদস্যসকলে শিশুটিৰ হত্যাত জড়িত দোষীক উচিত শাস্তি দিয়াৰ বাবে চৰকাৰ প্ৰশাসনক দাবী তোলে ৷

উল্লেখ্য যে, কৰিমগঞ্জৰ কাজিডহৰৰ দিব্যজ্যোতি নাথ নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ খিৰিকী ভাঙি দুৰ্বৃত্তই অপহৰণ কৰিছিল ধ্ৰুৱজ্যোতি নাথ নামৰ পাঁচমহীয়া শিশুটি ৷ কিন্তু, উক্ত অপহৃত শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোৰ পৰিস্থিতি জটিল হৈ পৰে ৷ ইফালে উক্ত ঘটনাটোক সকলো দল-সংগঠনে ধিক্কাৰ দিয়াৰ লগতে তীব্ৰ গৰিহণা দিয়ে ৷

লগতে পঢ়ক- বৃহস্পতিবাৰে ৰাজ্যজুৰি অধিবক্তাসকল এঘন্টীয়া ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.