ETV Bharat / state

কৰিমগঞ্জৰ গণধৰ্ষণ কাণ্ডৰ পাঁচ অভিযুক্তক আটক

author img

By

Published : Nov 15, 2020, 9:01 PM IST

শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা মাতৃক সাক্ষাৎ কৰিবলৈ অহা ত্ৰিপুৰাৰ দুই যুৱতীক ধৰ্ষণ কৰিমগঞ্জৰ পাঁচ 5 পাষণ্ডৰ ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আটাইকেইজন অভিযুক্তক ৷

as_Karimganj _Gange_Rape_invastation _vis_10036
কৰিমগঞ্জত 5 নৰপিশাচৰ কামনাৰ বলি ত্ৰিপুৰাৰ দুই যুৱতী

কৰিমগঞ্জ, 15 নৱেম্বৰঃ কৰিমগঞ্জত সংঘটিত হৈছে এক গণধৰ্ষণৰ ঘটনা ৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা মাতৃক সাক্ষাৎ কৰিবলৈ অহা ত্ৰিপুৰাৰ দুই যুৱতীক ধৰ্ষণ কৰে 5 পাষণ্ডই ৷ ঘটনা অনুসৰি, শুকুৰবাৰে ত্ৰিপুৰাৰ দুই যুৱতীয়ে শিলচৰত চিকিৎসাধীন নিজ মাতৃক সাক্ষাৎ কৰিবলৈ আহিছিল ৷ মাতৃক সাক্ষাৎ কৰি ত্ৰিপুৰালৈ ওভটাৰ বাবে দুয়ো এখন অল্ট’ বাহন ভাড়া কৰে ৷ কিন্তু নিশা প্ৰায় 1 বজাত বাহনখনৰ চালকে অন্য এক পথেৰে নি কৰিমগঞ্জৰ নিলামবজাৰৰ এটি নিৰ্মিয়মান অট্টালিকাত দুয়ো যুৱতীকে বন্দী কৰি আন চাৰিজন লোকেৰে মিলি ধৰ্ষণ চলায় ৷

কৰিমগঞ্জ আৰক্ষীৰ ভাষ্য

শনিবাৰে ভূক্তভোগী যুৱতী দুগৰাকীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰি আহি সমগ্ৰ ঘটনা সন্দৰ্ভত নিলামবজাৰ থানাত এক গোচৰ ৰুজু কৰে ৷ এই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে এজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত আব্দুল আহাদৰ ভাষ্যৰ উপৰিও পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত ৰাজস্থানী হোটেলৰ চিচিটিভি ফুটেজৰ ভিত্তিত পলাতক ছামছুল উদ্দিন, আবু বক্কৰ, আনোৱাৰ হুছেইন আৰু ছুফান আলিক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

লগতে পঢ়ক-2021: বিহাৰত ওৱেইছিয়ে লোৱা ভূমিকা অসমত পালন কৰিব আজমলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.