ETV Bharat / state

কৰিমগঞ্জত চাৰি কোটি টকীয়া কেলেংকাৰী - কৰিমগঞ্জ

দুৰ্লভচড়া উন্নয়নখণ্ডৰ অন্তৰ্গত ছিংলাচড়া পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী আৰু উন্নয়ন খণ্ডৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে জালিয়াতিৰে আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 4 কোটি টকাৰ ভুৱা বেংক একাউণ্টযোগে হৰলুকী কৰিছিল লক্ষী দেৱী কৈৰী নামৰ প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীগৰাকীৰ লগতে এগৰাকী বেংক বিষয়া, এগৰাকী অভিযন্তা আৰু উন্নয়নখণ্ডটোৰ একাংশ কৰ্মচাৰীয়ে ৷

চাৰি কোটি টকীয়া কেলেংকাৰী
author img

By

Published : Aug 3, 2019, 1:54 PM IST

কৰিমগঞ্জ, 3 জুলাই : দুৰ্নীতিত পোত গৈছে ৰাজ্যৰ একাংশ চৰকাৰী বিভাগ ৷ দুৰ্নাতিৰ ক্ষেত্ৰত শূন্য সহনশীল স্থিতি গ্ৰহণকাৰী সোণোৱাল চৰকাৰৰ বাবে এতিয়া দুৰ্নীতি ৰোধ কৰাতো যেন অসাধ্য হৈ পৰিছে ৷ কৰিমগঞ্জত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ জিলাখনৰ দুৰ্লভচড়া উন্নয়নখণ্ডৰ অন্তৰ্গত ছিংলাচড়া পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী আৰু উন্নয়ন খণ্ডৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে জালিয়াতীৰে আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 4 কোটি টকা ভুৱা বেংক একাউণ্টযোগে হৰলুকী কৰিছিল লক্ষী দেৱী কৈৰী নামৰ প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীগৰাকীৰ লগতে এগৰাকী বেংক বিষয়া,এগৰাকী অভিযন্তা আৰু উন্নয়নখণ্ডটোৰ একাংশ কৰ্মচাৰীয়ে ৷

চাৰি কোটি টকীয়া কেলেংকাৰী

এই ঘটনাৰ পাচতে 27 গৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে বাৰম্বাৰ গ্ৰামোন্নয়ন বিভাগ. আৰক্ষী কাৰ্যালয় আৰু সংশ্লিষ্ট বিভাগত অভিযোগ দাখিল কৰে ৷ কিন্তু উক্ত বিভাগকেইটাই এই অভিযোগৰ প্ৰতি গুৰুত্ব নিদিয়াত আদালতৰ দ্বাৰস্থ হয় হিতাধিকাৰীসকল ৷ তেওঁলোকৰ অভিযোগ অনুসৰি আঁচনিৰ নথিপত্ৰত তেওঁলোকৰ নামত গৃহ আৱণ্টনৰ তথ্য দেখুৱালেও বেংক একাউণ্টত জমা হোৱা নাই আঁচনিৰ ধনৰাশি ৷ ফৰিয়াদী পক্ষৰ অধিবক্তাই উল্লেখ কৰা মতে, প্ৰকৃততে আত্মসাৎ কৰা হৈছে হিতাধিকাৰীসকলৰ সমুদায় ধন ৷ আনহাতে, ৰাজনৈতিক হেঁচাৰ বাবেই বাৰম্বাৰ অভিযোগৰ পাচতো অভিযুক্তৰ বিৰুদ্ধে কোনো পদক্ষেপ ল'ব পৰা নাছিল বিভাগীয় কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, কংগ্ৰেছৰ দিনত দুৰ্নীতিৰে ধনৰ পাহাৰ গঢ়া লক্ষী দেৱী কৈৰী বৰ্তমান বিজেপি দলৰ সদস্যা হোৱাৰ উপৰিও সাংসদ কৃপানাথ মাল্লাহৰ অতি ঘনিষ্ঠ ৷ দুৰ্নীতিক আপোচ নকৰা বুলি সতকাই ভাষণৰ ফুলজাৰী মৰা বিজেপি চৰকাৰে এতিয়া এই ঘটনাৰ ক্ষেত্ৰত কি স্থিতি গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব ৷

Intro:প্ৰধান মন্ত্ৰী আবাস যোজনাত চাৰি কোটি টকীয়া কেলেংকাৰীBody:SLUG: 4 CORERS SCAM ON PMGAY, KARIMGANJ

কৰিমগঞ্জত এইবাৰ প্ৰধান মন্ত্ৰী আবাস যোজনাৰ নামত কোটি কোটি টকা জালিয়াতীৰে আত্মসাত্ কৰাৰ তথ্য পোহৰলৈ আহিল । জিলাখনৰ দূৰ্লভচড়া উন্নয়ন খণ্ডত প্ৰাক্তন জিপিসভানেত্ৰীয়ে উন্নয়ন খণ্ডটোৰ বিষয়া কৰ্মচাৰীয়ে মিলিত হৈ ভূৱা একাউণ্ট খুলি কেইবাখনোPMGAY ঘৰৰ টকা জালিয়াতীৰে উঠাই নিজৰ জেপত ভৰাই লৈছে । ঘটনা দূৰ্লভচড়া উন্নয়ন খণ্ডৰ ছিংলাচড়া পঞ্চায়তত । বঞ্চিত দুখিয়া হিতাধীকাৰি ২৭ গৰাকিয়ে মিলিত হৈ প্ৰাক্তন জিপি সভানেত্ৰী, সচিব, সেইসময়ৰ খণ্ড উন্নয়ন বিষয়া, বেংকৰ ছিএছপিৰ বিৰুদ্ধে সন্মিলিতভাৱে কৰিমগঞ্জৰ আদালতত গোচৰ তৰিছে ।

কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন সন্মীলিত চৰকাৰখনে দূৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা যিমানেই যহাই নূফুৰক কিয়? বাস্তৱত সেয়া সম্ভৱ হৈ উঠা দেখা যোৱা নাই. কৰিমগঞ্জ জিলাৰ প্ৰতি খন উন্নয়ন খণ্ডত বৰ্তমান চৰকাৰৰ শাসনকালত এই দূৰ্নীতি ব্যাপক হাৰত স্ংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিব ধৰিছে ।ক'ৰবাত যদি এম,জি,এন,ৰেগাৰ, নামত তেন্তে ক'ৰবাত আকৌ প্ৰধান মন্ত্ৰী আবাস যোজনাৰ নামত । তেনে এটি দূৰ্ণীতিৰ তথ্য পোহৰলৈ আহিছে জিলাখনৰ দূৰ্লভচড়া উন্নয়ন খণ্ডত । এই উন্নয়ন খণ্ডটোৰ বিষয়া কৰ্মচাৰীয়ে ছিংলাছড়া জিপি সভানেত্ৰী লক্ষী দেবী কৈৰিৰ সৈতে মিলিত হৈ ভূৱা একাউণ্ট খুলি কেইবাখনো ঘৰৰ টকাজালিয়াতীৰে আত্মসাত্ কৰা হৈছে । এয়া লৈ বাৰংবাৰ গ্ৰামোন্নয়ন বিভাগ, আৰক্ষী অধিক্ষকৰ কাৰ্যালয় সহ আন আন সংক্লিষ্ট বিভাগত অভিযোগ দাখিল কৰিলেও লাভ হোৱা নাছিল । বাধ্য হৈ বঞ্চিত দুখিয়া হিতাধীকাৰি ২৭ গৰাকিয়ে মিলিত হৈ এতিয়া আদালতৰ দ্বাৰস্থ হৈছে । এগৰাকি ভূক্তভোগীয়ে আন দুগৰাকি বঞ্চিত দুখিয়া হিতাধীকাৰি ৰুক্মীনি চৌহান, মুন্চিধৰ ভড়ক লগত লৈ উদাহৰন ডাঙি ধৰে । কয়, নেটত বিচাৰিলে তেওঁলোকৰ নামত ঘৰ আবন্ঠন হৈ টকা দিয়া হৈছে বুলি দেখুৱালেও প্ৰকৃততে একাউন্টত কোনও টকা সোমুৱা নাই ।

বাদী পক্ষৰ অধিবক্তায় দূৰ্ণীতিৰ সকলো তথ্য ডাঙি ধৰি কয়, বিজেপিয়ে দূৰ্ণীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কলেও এনেদৰে দুখিয়া মানুহৰ চাৰি কোটি টকা আত্মসাত্ কৰা হল । বাৰংবাৰ অভিযোগ দাখিল কৰিলেও ৰাজনৈতিক হেচাৰ বাৱে কোনও পদক্ষেপ লব পাৰা নাই কোনও বিভাগে । বৰ্তমান সাংসদ কৃপানাথ মাল্লা তেতিয়া বিধায়ক থকাকালিন এনে দূৰ্নীতি সংঘটিত হৈছিল । কিন্তু কোনও ব্যবস্থা লোৱাৰ পৰা বঞ্চিত থাকিল । কেলেংকাৰিৰ মুল নায়িকা জিপি সভানেত্ৰী লক্ষী দেবী কৈৰি কংগ্ৰেছত থাকি দূৰ্ণীতি কৰি বৰ্তমানে ধুৱা তুলহিপাত সাজিবলৈ বিজেপিত যোগদান কৰিছে বুলিও উল্লেখ কৰে তেওঁ । অবশ্য তেঁও বিশ্বাস ব্যক্ত কৰে, আদালতত গোচৰ তৰাৰ পাছত দুখিয়া বঞ্চিত সকলে আদালতৰ পৰা ন্যায় পাব বুলি ।

কৰিমগঞ্জ, ০৩-০৮-১৯

Conclusion:উল্লেখযোগ্য যে এই কেলেংকাৰী মূল কাণ্ডাৰী শাসক দল বিজেপিৰ আৰু সাংসদ karipanath malls অতি ঘনিষ্ঠ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.