ডিফু,15 জানুৱাৰী : ভোগালীৰ আনন্দৰ মাজতে ডিফুত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড ৷ এগৰাকী যোগ প্ৰশিক্ষকক নৃশংসভাবে হানি-খুচি হত্যা কৰে কোনো অচিনাক্ত লোকে ৷
ঘটনাৰ বিৱৰণ অনুসৰি শুকুৰবাৰে পুৱাৰ ভাগত স্থানীয় একাংশ লোকে ৰংমংৱেৰ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ সমীপৰ এটা ছাত্ৰী নিৱাসৰ প্ৰৱেশদ্বাৰ সম্মুখত পৰিত্যক্ত অৱস্থাত এটি মৃতদেহ প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পিচতে লোক সকলে স্থানীয় আৰক্ষীক খৱৰ দিয়ে ৷ লগে লগে ডিফু আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷
স্থানীয় লোকে সদৰি কৰা মতে মৃত লোকজন ডিফু কেন্দ্ৰীয় বিদ্যালয়ৰ ঠিকাভিত্তিত নিযুক্ত যোগ প্ৰশিক্ষক তথা নগাঁও জিলাৰ সদৰ থানাৰ অন্তর্গত পানীগাঁও চাৰিআলি নিৱাসী তপন দাসৰ পুত্ৰ তন্ময় দাস বুলি চিনাক্ত কৰা হৈছে । যুৱক জনৰ বয়স 27 বছৰ বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷
ইফালে,নিহত যুৱকজনৰ পৰিয়ালে জানিবলৈ দিয়া অনুসৰি যোৱা নিশা প্ৰায এঘাৰ বজাত যুৱকজনে পৰিয়ালৰ লোকৰ সৈতে শেষবাৰৰ বাবে যোগাযোগ কৰিছিল । তেতিয়া স্বাভাবিকভাৱেই পৰিয়ালৰ লোকৰ সৈতে কথা-বার্তা হোৱা যুৱকজনৰ আজি পুৱাই মৃত্যুৰ খবৰে পৰিয়ালটোক বাৰুকৈয়ে মর্মাহত কৰি তুলিছে ।
উল্লেখ্য যে,উক্ত ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ডিফু আৰক্ষীয়ে ৷
লগতে পঢ়ক: কোটি কোটি ৰাজহ ফাঁকীৰে বনজ সম্পদৰ অবাধ লুন্ঠনৰাজ!