ডিফু, 19 ছেপ্টেম্বৰ : ৰাজ্যজুৰি ইটোৰ পিচত সিটো হত্যাকাণ্ডই ৰাজ্যবাসীক কঁপাই তুলিছে ৷ সম্প্ৰতি সামান্য কথাতেই ইজনে সিজনক হত্যা কৰাৰ ঘটনা দিনক দিনে বৃদ্ধি হ’বলৈ ধৰিছে ৷ অপৰাধজনিত ঘটনাত যেন অঘোষিত প্ৰতিযোগিতাতত নাম পৰিছে ৰাজ্য ৷
এইবাৰ কাৰ্বি আংলং জিলাত লোমহৰ্ষক ঘটনা সংঘটিত হৈছে ৷ যোৱা 17 ছেপ্টেম্বৰত ডিফুৰ সমীপৰ হাফজান এলেকাত এজন লোকক দাৰে ঘপিয়াই হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, 17 ছেপ্টেম্বৰৰ নিশা প্ৰায় দুই বজাত ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ হত্যাৰ বলি হোৱা এজন লোকৰ মৃতদেহ অনাৰ পিচতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ নিশাই ডিফু আৰক্ষী হাস্পতালত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি সোধা পোছা কৰে ৷
মৃত লোকজন ডিফুৰ সমীপৰ হাফজান লংকি তিচ্চʼ গাঁৱৰ লুমজং ইংতি (45)ৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰে । ইয়াৰ পিচতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নিশাই অভিযান চলাই একেখন গাঁৱৰে মজেছ ইংহি (22) নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰামতে অভিযুক্ত মজেছে লোকজনক দাৰে ঘপিয়াই হত্যা কৰিছিল ৷
ইফালে আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত হোৱা দা খনো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰাথমিক তদন্তত আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, কোনো বিষয়ক কেন্দ্ৰ কৰি দুয়োৰে মাজত হোৱা তৰ্ক-বিতৰ্কৰ পাচত হোৱা হতাহতিৰ সময়ত মজেছ ইংহিয়ে লুমজং ইংতিক দাৰে ঘপিয়াই হত্যা কৰে। কাজিয়াৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত ডিফু থানাত 98/23 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক: Murder case in Morigaon: ভাৰাঘৰত উলংগ অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য