ডিফু,১০ মে’ঃ কাৰ্বি আংলঙৰ সদৰ ডিফুত এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই কৰ’ণা ভাইৰাছত আক্ৰান্ত বুলি কৰা দাবীত চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে পুৱাৰ ভাগত ৰংথিয়াং(খ) নিবাসী লক্ষীমণি লষ্কৰ নামৰ মহিলা গৰাকীয়ে ডিফু নগৰ আৰক্ষী চকীত উপস্থিত হৈ নিজকে কৰ’ণাত আক্ৰান্ত বুলি দাবী কৰি চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায় ৷ মহিলাগৰাকীৰ পুত্ৰ পংকজ লষ্কৰ টুয়েংচাঙত কৰ্মৰত আছিল যদিও বিগত ৮ তাৰিখে ডিফুস্থিত বাসগৃহত উপস্থিত হয় ৷ তাৰপিছৰে পৰা পুত্ৰৰ লগতে মাতৃয়ে অসুস্থতা অনুভৱ কৰাৰ কথা ব্যক্ত কৰে আৰক্ষীক ৷ ততালিকে আৰক্ষীয়ে 108 ত ফোন কৰি মহিলাগৰাকীক ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ কিন্তু বৰ্তমানলৈকে মহিলাগৰাকী কৰ’ণাত আক্ৰান্ত হয় নে নহয় সেয়া স্পষ্ট হোৱা নাই ৷
ইপিনে, শনিবাৰৰ পৰা ডিফু চহৰ বন্ধ হোৱাৰ এক উৰা বাতৰিয়ে চাঞ্চল্য সৃষ্টি কৰাৰ লগতে কৰ’ণাত আক্ৰান্ত বুলি মহিলাগৰাকীয়ে কৰা দাবীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ শেহতীয়াকৈ মাতৃ-পুত্ৰৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত শৰীৰৰ অৱস্থা স্বাভাৱিক আছিল বুলি চিকিৎসকে জানিবলৈ দিছে ৷
লগতে চাওকঃ মুম্বাইত COVID 19 ত আক্ৰান্ত গুৱাহাটীৰ ডেইজী শইকীয়া