ETV Bharat / state

Joyram Engleng resigned from BJP: কংগ্ৰেছত যোগদান কৰিব নেকি বিজেপিৰ প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেঙে ?

author img

By

Published : May 2, 2023, 7:42 PM IST

বিজেপিৰ ৰাজনীতিয়ে আমুৱাইছে একাংশ বিজেপিৰ জ্যেষ্ঠ নেতাক ৷ বিজেপিৰ প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেঙে দাখিল কৰিলে পদত্যাগ পত্ৰ ( BJP Leader Joyram Engleng resigned from BJP)৷

Veteran BJP Leader Joyram Engleng resigned from BJP
কংগ্ৰেছত যোগদান কৰিব নেকি বিজেপিৰ প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেঙে?

ডিফু, 2 মে': সমাগত লোকসভা নিৰ্বাচন ৷ বিজেপিত খহনীয়া ৷ মঙলবাৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা হাওৰাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেঙে পদত্যাগ পত্ৰ দাখিল কৰে ( BJP Leader Joyram Engleng resigned from BJP)৷ পদত্যাগ পত্ৰখনত উল্লেখ কৰে যে, বিজেপিৰ ৰাজ্যিক কমিটীৰ লগতে সাধাৰণ সদস্য পদৰ পৰাও মই পদত্যাগ কৰিছো ৷ বৰ্তমান দলটোত চলি থকা জাতিবাদৰ ৰাজনীতিৰ বাবে মই এই সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ ৰাষ্ট্ৰীয় একতা, শান্তি আৰু উন্নয়ণৰ কাৰণে মই বিজেপি দলৰ পৰা অব্যাহতি লৈছো (Veteran BJP Leader Joyram Engleng) ৷

Joyram Engleng resigned from BJP
জয়ৰাম ইংলেঙে দাখিল কৰিলে পদত্যাগ পত্ৰ

জয়ৰাম ইংলেং কংগ্ৰেছ শাসনৰ সময়ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছিল । কিন্তু তেওঁ তেতিয়াৰ মন্ত্ৰী খৰছিং ইংতিৰ ৰোষত পৰি ২০১৩ চনত গাদী হেৰুৱাইছিল। মুখ্য কাৰ্যবাহী হৈছিল তুলিৰাম ৰংহাং (Chief Executive Tuliram Ronghang)। ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে তেওঁ বিজেপি দলত যোগদান কৰি হাওৰাঘাটৰ পৰা বিধায়ক হয় । কিন্তু ২০২১ চনৰ নিৰ্বাচনত বিজেপি দলে ইংলেঙক দলীয় প্ৰাৰ্থীত্ব নিদিয়ে ৷

ইয়াৰ পিচতে ইংলেঙে দলত্যাগ নকৰি বিজেপি দলতে আছিল যদিও দলত তেওঁ এলাগীৰ দৰে হৈ পৰিছিল । বিজেপি দলে তেওঁক কোনো সভা-সমিতিলৈও নামাতে । এই ব্যৱহাৰৰ আঁৰতো আছিল জয়ৰাম ইংলেং আৰু তুলিৰাম ৰংহাঙৰ ৰাজনৈতিক সম্পৰ্ক ৷ এই সন্দৰ্ভত ইংলেঙে ঘৃণা আৰু জাতিবাদৰ ৰাজনীতি বৰ বেছিকৈ হোৱাৰ বাবেই দল ত্যাগ কৰা বুলি কয় । বিজেপি দলে সংবিধানক সন্মান নকৰে বুলিও ঘনিষ্ঠ সকলক অৱগত কৰিছিল ইংলেঙে ।

জানিব পৰা অনুসৰি ইংলেঙে অচিৰেই কংগ্ৰেছ দলত যোগদান কৰিব। ইয়াৰোপৰি ইতিমধ্যে কেইবাগৰাকীয়ে বিজেপি নেতাই বিজেপি ত্যাগ কৰাৰ খবৰ পোহৰলৈ আহিছে ৷ লোকসভা নিৰ্বাচনৰ পিচতেই এই নেতাসকল একেলগে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে । দল ত্যাগৰ এই বাতৰি সন্দৰ্ভত অনানুষ্ঠানিকভাৱে এগৰাকী বিজেপি দলৰ জেষ্ঠ নেতাই কয় যে, এই সকল লেঙেৰা ঘোঁৰা। ৰাজনীতিৰ পথাৰত এওঁলোক দৌৰিবও নোৱাৰে আৰু গণ সমৰ্থনো নাই । তুলিৰাম ৰংহাঙে পাহাৰত যি উন্নয়নৰ গংগা বোৱাইছে তাক পাহাৰৰ ৰাইজে দশক দশক ধৰি সমৰ্থন কৰি যাব ৷

লগতে পঢ়ক: Sharad Pawar resigns: নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদ ত্যাগ শৰদ পাৱাৰৰ

ইফালে জানিব পৰা অনুসৰি মঙলবাৰে আজি সন্ধিয়া জয়ৰাম ইংলেঙৰ ঘৰলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং যোৱাৰ কথা আছে । ইতিমধ্যে ইংলেঙক কোনো এটা নিগমৰ অধ্যক্ষ পদ দিয়াৰ বাবে প্ৰস্তাৱ দিয়া হৈছে । বিজেপি দল আৰু চৰকাৰৰ এই টোপ জয়ৰাম ইংলেঙে গিলেনে নিগিলে সেয়া সময়েহে ক'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.