ETV Bharat / state

শান্তি চুক্তিক লৈ ডিফুত দল-সংগঠনৰ সংবাদমেল - কাৰ্বি আংলং

ডিফুস্থিত কেএছএ লামডিং ৰোডস্থিত কাৰ্যালয়ত কেইবাটাও সংগঠনে আজি এখন যুটীয়া সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত শান্তি চুক্তি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় ৷

শান্তি চুক্তিকলৈ ডিফুত দল-সংগঠনৰ সংবাদমেল

author img

By

Published : Jun 9, 2021, 9:01 PM IST

ডিফু, ৯ জুন : কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ অস্ত্ৰবিৰতিত থকা কেইবাটাও উগ্ৰপন্থী সংগঠনৰ সৈতে সম্পাদন হ'বলগীয়া বহু চৰ্চিত শান্তিচুক্তি খনকলৈ কাৰ্বি আংলঙৰ বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি ডিফুস্থিত কেএছএ লামডিং ৰোডস্থিত কাৰ্যালয়ত কেইবাটাও সংগঠনে এক যুটীয়া সংবাদমেলৰ আয়োজন কৰি চুক্তি সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

সংবাদমেলত কাৰ্বি ছাত্ৰ সন্থা,এইছএছডিচি, কেৱাইডব্লিউজেএফ, এছৱাচি, এছৱাইজে,ইউকেডব্লিউ আদি সংগঠনে জিলাখনত শান্তি স্থাপনৰ নামত ইটোৰ পিছত সিটো চুক্তি সম্পাদন হোৱাৰ কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰে ৷ এএছডিচি দলৰ সাধাৰণ সম্পাদক লাইচান ইংলেঙে সাংবাদিক সকলক সম্বোধন কৰি কয় যে, ১৯৯৫ চনৰ পৰাই জিলাখনত একাধিক চুক্তি স্বাক্ষৰিত হৈ আহিছে, কিন্তু আজিলৈকে বিধায়কেই উত্থাপন নহ'ল ৷ উল্লেখিত চুক্তি সমূহ ৰূপায়ণ হোৱাৰ পৰিৱৰ্তে কেৱল অৰ্থনৈতিক পেকেজ আগবঢ়াই আহিলেই জিলাখনত কোনো কাৰণতেই স্থায়ী শান্তি স্থাপন সম্ভৱপৰ নহয় বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

শান্তি চুক্তিকলৈ ডিফুত দল-সংগঠনৰ সংবাদমেল

আনহাতে, চৰকাৰে কেৱল হাতত অস্ত্ৰলোৱা সংগঠন সমূহৰ সৈতেহে চৰকাৰে আলোচনাত বহে; কিন্তু জিলাখনত আন্দোলন কৰি অহা সংগঠন সমূহৰ সৈতে আলোচনাত বহিবলৈ আগ্ৰহ প্ৰকাশ নকৰে বুলি আক্ষেপ প্ৰকাশ নকৰে ৷ আনহাতে সম্পাদন হবলগীয়া শান্তি চুক্তি সন্দৰ্ভত ৰাইজে কোনো বিষয়েই অৱগত নহয় বুলি মন্তব্য কৰি কেৱল সংবাদ মাধ্যমৰ জৰিয়তেহে কেতবোৰ তথ্য লাভ কৰাৰ সুযোগ লাভ কৰা বুলি লাইচান ইংলেঙে ৷

প্ৰস্তাৱিত চুক্তিখনত স্বায়ত্তশাসিত ৰাজ্য সন্দৰ্ভত কোনো বিষয় উল্লেখ কৰা হোৱা নাই বুলি অনুমান ব্যক্ত কৰি নেতাগৰাকীয়ে স্বায়ত্তশাসনৰ বিষয়ে কোনো উল্লেখ অবিহনে এই চুক্তিয়ে কিমান দূৰ শান্তি স্থাপন কৰিব পাৰিব তাকলৈ এক প্ৰশ্নবোধক থাকিব বুলি সন্দেহ প্ৰকাশ কৰে ৷ আনহাতে চুক্তিখনৰ জৰিয়তে যদিহে শান্তি আৰু উন্নয়ণৰ পোষকতা কৰা হৈছে তেন্তে এলেকাটোৰ সকলো সমাজ, ছাত্ৰ, যুৱক বুদ্ধিজীৱীক বিশ্বাসক লৈ আগবাঢ়িব লাগে বুলি এইছএছডিচিৰ সাধাৰণ সম্পাদকগৰাকীয়ে দাবী কৰে ৷

ইপিনে, মূলসূতীলৈ আহি আলোচনাৰ জৰিয়তে শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ আগবঢ়া বিদ্ৰুোহী সংগঠন সমূহৰ নেতৃবৰ্গক এই প্ৰক্ৰিয়ালৈ আদৰণি জনাই ইংলেঙে লগতে স্বায়ত্তশাসিত ৰাজ্য নহলেও এই চুক্তিৰ জৰিয়তে যাতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আইন শৃংখলা নিয়ন্ত্ৰণৰ ক্ষমতা, ৰিজাৰভ বেংকত একাউণ্ট খোলাৰ ক্ষমতা আৰু নিজাববীয়াকৈ লোক সেৱা আয়োগ গঠন কৰিবলৈ ক্ষমতা লাভ কৰিবলৈ সক্ষম হয় সেই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনায় ৷ লগতে জিলাখনৰ স্থায়ী শান্তি আৰু উন্নয়নৰ স্বাৰ্থত স্বাক্ষৰিত হবলগীয়া প্ৰস্তাৱিত শান্তি চুক্তিখনত সকলো দল-সংগঠনক বিশ্বাসত লৈ আমন্ত্ৰণ জনাব লাগে বুলি মন্তব্য কৰে ৷ আনহাতে স্বায়ত্ত ৰাজ্য হাচিল নোহোৱালৈকে গণতান্ত্ৰিক আন্দোলন অব্যাহত থীকিব লাগিব বুলি নেতাগৰাকীয়ে মন্তব্য কৰে ৷

অন্য এক খবৰৰ বাবে: হঠাৎ অসুস্থ বিধায়ক ছিদ্দিক আহমেদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.