ETV Bharat / state

ডিফুত ঐক্য-শান্তি-সমৃদ্ধিৰ ৰেলী, প্ৰতিশ্ৰুতি ৰক্ষাৰ ঘোষণা তুলিৰাম ৰংহাঙৰ

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 9:45 PM IST

ডিফুৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় লুম্বাজং পৰিষদীয় সুবিশাল ঐক্য, বিজয় আৰু সমৃদ্ধি ৰেলী ৷ ৰেলীত হিতাধিকাৰীসকলৰ মাজত স্প্ৰে’ মেচিনো বিতৰণ কৰা হয় ৷

Karbi Anglong Autonomous Council
ডিফুত ঐক্য-শান্তি আৰু সমৃদ্ধিৰ ৰেলী
ডিফুত ঐক্য-শান্তি আৰু সমৃদ্ধিৰ ৰেলী

ডিফু, ১৮ নৱেম্বৰ : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ২৬ টা পৰিষদীয় সমষ্টিৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ বাবে তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিষদখনে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত ইটোৰ পাচত সিটো ঐক্য, বিজয় আৰু সম্বৃদ্ধি ৰেলী অনুষ্ঠিত কৰিছে ৷

শনিবাৰে আন পৰিষদীয় সমষ্টিৰ দৰে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় লুম্বাজং পৰিষদীয় সুবিশাল ঐক্য, বিজয় আৰু সম্বৃদ্ধি ৰেলী ৷

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়কদ্বয় বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, পৰিষদৰ আটাইকেইগৰাকী ইএম, এমএচি ঈৰু লুম্বাজং, পৰিষদীয় সমষ্টিৰ এমএচি জনু তিমুঙৰ উপস্থিতিত উক্ত ৰেলী সম্পন্ন হৈ যায় ৷

উক্ত ৰেলীত হিতাধিকাৰীসকলৰ মাজত স্প্ৰে’ মেচিন বিতৰণ কৰাৰ সমান্তৰালকৈ স্থানীয় এমএচি জনি তিমুঙৰ নিজাববীয়া এমএচি কেয়াৰ ফাণ্ডৰ জৰিয়তে বৃদ্ধাসকলৰ মাজত চাৰি হাজাৰ টকাকৈ এককালীন চেক বিতৰণ কৰা হয় ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে পাৰ্বত্য জিলা দুখনৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ বাবে ২৬ টা পৰিষদীয় সমষ্টিত ঐক্য, বিজয় আৰু সম্বৃদ্ধি ৰেলীৰ আয়োজন কৰা হৈছে ৷

পাহাৰীয়া ৰাইজে নিৰ্বাচনৰ সময়ত যিদৰে বিজেপিক আশ্বাসত লৈ বিপুল ভোটেৰে বিজেপিক শাসনলৈ আনিলে তাৰবাবে নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতিসমূহ আখৰে-আখৰে পালন কৰাৰ বাবে বদ্ধপৰিকৰ বুলি কয় তুলিৰাম ৰংহাঙে ৷ আনহাতে উক্ত ৰেলীৰ জৰিয়তে জন কল্যাণমূলক আঁচনিসমূহৰ সফল ৰূপায়ণ আৰু আঁচনিসমূহৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা কাৰ্যসমূহক ৰাইজক অৱগত কৰাটোৱেই উক্ত ৰেলীৰ উদ্দেশ্য বুলি মন্তব্য কৰে তুলিৰাম ৰংহাঙে ৷

লগতে পঢ়ক : ডাইনী সন্দেহকাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ ডিফু আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.