ETV Bharat / state

ডিফুত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

ডিফুৰ কাছা ষ্টেডিয়াম ৰোডৰ দিশত 50 ঊৰ্ধৰ এজন লোকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ ৷ সম্প্ৰতি মৃতদেহটো চিনাক্তকৰণ কৰিব পৰা হোৱা নাই ৷ ৭২ ঘণ্টাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰখা হৈছে মৃতদেহটো ৷

author img

By

Published : May 10, 2021, 9:44 PM IST

unidentified-deadbody-recover-in-diphu
ডিফুত অৰ্দ্ধগলিত মৃতদেহ উদ্ধাৰ

ডিফু,১০ মে': ডিফুৰ মাজমজিয়াত 50 ঊৰ্ধৰ এজন লোকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি, সোমবাৰে সন্ধিয়া ডিফুৰ কাছা ষ্টেডিয়াম ৰোডৰ দিশত ষ্টেডিয়ামটোৰ নৱনিৰ্মিত বাৰান্দাত এটি অচিনাক্ত লোকৰ অৰ্ধগলিত মৃতদেহ পৰি থকা বুলি আৰক্ষীয়ে খবৰ লাভ কৰে ৷

ডিফু নগৰ আৰক্ষী চকীৰ সহকাৰী উপ পৰিদৰ্শক দীপামণি হাজৰিকাই আৰক্ষীৰ এটা দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি চিনাক্তকৰণৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৭২ ঘণ্টা ৰখাৰ ব্যৱস্থা কৰিছে ৷ এই সন্দৰ্ভত ডিফু থানাত এক গোচৰ ৰুজু কৰি তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে ৷

লগতে পঢ়ক : ক'ভিড-১৯: বিগত ২৪ ঘণ্টাত মিজোৰামত ৫ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.