ডিফু,14 এপ্ৰিল : বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজানত মঙলবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি, লাহৰিজান মাছ বজাৰৰ পিছফালে এটি অচিনাক্ত মৃতদেহ পৰি থকাৰ খবৰ লাভ কৰি থকাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় খটখটী থানাৰ আৰক্ষী ৷
ইয়াৰ পাচতে বোকাজানৰ দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে মৃতদেহটো চিনাক্তৰ বাবে 72 ঘণ্টাৰ বাবে মৰ্গত ৰখাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, মৃতদেহটোৰ দেহত কোনো আঘাতৰ চিন পৰিলক্ষিত হোৱা নাই ৷
ইফালে মৃতদেহটো চিনাক্তকৰণৰ বাবে স্থানীয় গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীলৈ ফটো প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷ মৃতদেহটোৰ উচ্চতা প্ৰায় ৫'৬", শৰীৰৰ আকৃতি মজলীয়া, বৰণ বগা, চুটি চুলি, পিন্ধনত বাদামী লংপেণ্ট আৰু নীলা চোলা পৰিহিত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ৷
লগতে পঢ়ক : দৰা 75 বছৰীয়া কইনাৰ 25 : বিয়াৰ দুদিন পাচতে উদ্ধাৰ কইনাৰ চিপ লোৱা মৃতদেহ