ETV Bharat / state

Two Militants Arrested at Diphu: কাৰ্বি আংলঙত পুনৰ জন্ম উগ্ৰপন্থী সংগঠনৰ, আৰক্ষীৰ জালত নৱগঠিত উগ্ৰপন্থী সংগঠনৰ স্বয়ম্ভূ অধ্যক্ষ-সচিব

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 7:55 PM IST

কাৰ্বি আংলঙত পুনৰ জন্ম উগ্ৰপন্থী ৷ ডিফু আৰক্ষীৰ জালত নৱগঠিত ইউ কে পি এফ এল নামৰ উগ্ৰপন্থী সংগঠনৰ দুই সদস্য ৷

Two Militants Arrested at Diph
কাৰ্বি আংলঙত পুনৰ জন্ম উগ্ৰপন্থী সংগঠনৰ

কাৰ্বি আংলঙত পুনৰ জন্ম উগ্ৰপন্থী সংগঠনৰ

ডিফু, 30 অক্টোবৰ : যি সময়ত উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি কাৰ্বি আংলঙৰ শান্তিৰ বাবে অসম চৰকাৰে পদক্ষেপ লৈছে, তেনে সময়তে জিলাখনত পুনৰ নতুনকৈ উগ্ৰপন্থী সংগঠন মূৰ দাঙি উঠিবলৈ চেষ্টা কৰিছে ৷ সোমবাৰে ডিফু আৰক্ষীয়ে অভিযান চলাই নৱগঠিত উগ্ৰপন্থী সংগঠনৰ স্বয়ম্ভূ অধ্যক্ষ আৰু সচিবক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

তথ্য অনুসৰি, ডিফু থানাত পঞ্জীয়ন হৈ থকা 110/2023 নম্বৰৰ গোচৰৰ সন্দৰ্ভত আজি ডিফুৰ ডিক্ৰেংলাঙছত আৰক্ষীয়ে অভিযান চলায় ৷ ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জে এছ খবুঙৰ নেতৃত্বত, উপ-পৰিদৰ্শক দেৱ কোঁৱৰৰ সহযোগত আৰক্ষীৰ এটা দলে এই অভিযান চলাইছিল । উক্ত অভিযানত আৰক্ষীয়ে জিলাখনত নতুনকৈ গঠন হোৱা ইউনাইটেড কাৰ্বি পিপʼলছ ফ্ৰন্ট লিবাৰেশ্যন চমুকৈ ইউ কে পি এফ এলৰ দুই দুৰ্ধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰে ।

ধৃত কেডাৰ দুজন সংগঠনটোৰ অধ্যক্ষ হাৰলংবি ইংতি ওৰফে এম কাথাৰ আৰু সচিব চাৰমন হাঞ্চে ওৰফে চেচং ইংজাই বুলি জানিব পৰা গৈছে । আৰক্ষীৰ জেৰাত ধৃত দুই উগ্ৰপন্থীয়ে বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰে ৷ ইউ কে পি এফ এল নামৰ উগ্ৰপন্থী সংগঠনটো গঠন কৰাৰ লগতে সংগঠনটোৰ বাবে অস্ত্ৰ ক্ৰয়ৰ উদ্দেশ্যে ডিফুৰ এগৰাকী লোকৰ পৰা সাত লাখ টকাৰ ধনদাবী পত্ৰ প্ৰেৰণ কৰা হৈছিল বুলি আৰক্ষীৰ জেৰাত দুই উগ্ৰপন্থীয়ে স্বীকাৰোক্তি প্ৰদান কৰে ৷ এই কথা জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

ইতিমধ্যে ধৃত দুই উগ্ৰপন্থীৰ পৰা আৰক্ষীয়ে এএছ 09 এইচ 9884 নম্বৰৰ এখন বাইক, দুটা মোবাইল, দুটা মোবাইলৰ বেটেৰীকে ধৰি কেতবোৰ সামগ্ৰী জব্দ কৰে । ইফালে ধনদাবীৰ কাৰ্যত ব্যৱহাৰ হোৱা মোবাইল ফোনটোৰ জ্বলাই দিছিল যদিও অৱশিষ্টখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । এই কথা সদৰী কৰিছে আৰক্ষী বিষয়াই ৷

লগতে পঢ়ক:Fire Break out : বিধ্বংসী অগ্নিকাণ্ডত ছাই হ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.