ETV Bharat / state

Exam Paper Leaked: কাৰ্বি আংলঙত নৱম শ্ৰেণীৰ প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ

author img

By

Published : Feb 16, 2023, 7:39 AM IST

কাৰ্বি আংলঙত নৱম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা ডলৈমৰা মালাচী হাইস্কুলৰ চকীদাৰসহ দুজনক লোকক গ্ৰেপ্তাৰ (Question Paper leaked in Karbi Anglong) । উল্লেখ্য় যে জিলাখনত যোৱা দেওবাৰে ফাদিল হৈছিল নৱম শ্ৰেণীৰ গণিত, সমাজ বিজ্ঞান, ঐচ্ছিক গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ।

Class 9 exam paper leaked in Karbi  Karbi Anglong
কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক

ডিফু, ১৬ ফেব্ৰুৱাৰী: স্বাস্থ্য বিভাগৰ প্ৰশ্ন কাকত ফাদিল কৰি মৰিগাঁও জিলাৰ দম্পতি ৰঙাঘৰৰ আলহী হোৱাৰ পিছত এইবাৰ ৰাজ্যৰ এখন পাৰ্বত্য জিলাত নৱম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাৰ বাবে সাজু কৰা বিভিন্ন প্ৰশ্ন কাকত ফাদিল কৰি আৰক্ষীৰ জালত পৰিল দুজন লোক (Class 9 exam paper leaked in Karbi Anglong) ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বিদ্যালয়সমূহৰ বছেৰেকীয়া পৰীক্ষাৰ নৱম শ্ৰেণীৰ বিভিন্ন বিষয়ৰ প্ৰশ্ন কাকত ফাদিল কৰা গোচৰৰ তদন্ত চলাই কাৰ্বি আংলং আৰক্ষীয়ে ডলৈমৰা মালাচী হাইস্কুলৰ চকীদাৰসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷

কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই বুধবাৰে এক সংবাদমেলত এই বিষয়ে সদৰি কৰে (Board exam question paper leaked) ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে এই বিষয়টো সন্দৰ্ভত গোচৰৰ তদন্ত চলাইছিল উপ আৰক্ষী অধীক্ষক (প্ৰৱেশ্যনাৰী) নিলোৎপল শইকীয়াই ৷ তদন্তকালত বিষয়াগৰাকীয়ে ডলৈমৰা মালাচী হাইস্কুলৰ চকীদাৰ চেমুৱেল ইংতিয়ে বিদ্যলয়খনৰ প্ৰশ্ন কাকত চুৰি কৰি আনন্দ তেৰাঙ নামৰ এজন লোকক বিক্ৰি কৰিছিল বুলি জানিব পাৰে ৷ তাৰ পিছতে চকীদাৰ চেমুৱেল ইংতি আৰু আনন্দ তেৰাঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

উল্লেখযোগ্য যে, কাৰ্বি আংলঙত নৱম শ্ৰেণীৰ বছেৰেকীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত ইয়াৰ পূৰ্বে শিক্ষকসহ তিনিজন লোকক আৰক্ষীয়ে সোধ পোছৰ বাবে থানালৈ তলব কৰিছিল (Class 9 exam 2023 paper leaked) ৷ এই প্ৰশ্নকাকত ছপোৱা প্ৰেছৰ স্বত্বাধিকাৰীকো এই সন্দৰ্ভত সোধা পোছা কৰা বুলি আৰক্ষীয়ে উল্লেখ কৰিছে ৷ এই ঘটনাটো সংঘটিত হোৱাৰ পিছতেই বিদ্যালয় পৰিদৰ্শকে কাৰ্বি আংলঙত চাৰিটা বিষয়ৰ বছেৰেকীয়া পৰীক্ষা স্থগিত ঘোষণা কৰে ৷ এই ঘটনাটোক লৈ এতিয়া জিলাখনৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য় যে কাৰ্বি আংলঙৰ বিদ্যালয়সমূহত বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ মাজতেই যোৱা দেওবাৰে ফাদিল হয় নৱম শ্ৰেণীৰ গণিত, সমাজ বিজ্ঞান, ঐচ্ছিক গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ৷ এই প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত বাতিল কৰিবলগীয়া হয় পৰৱৰ্তী পৰক্ষীসমূহ (Exam postpone in Karbi Aanglong) ৷ সেই বাবে সকলো ছাত্ৰ-ছাত্ৰী বিপাঙত পৰে । ইয়াৰ পিছতেই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ জিলা ভিত্তিক আন্তঃপৰীক্ষা বʼৰ্ড সমিতিৰ সম্পাদক হৰেশ্বৰ বৰাই দেওবাৰে প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিতেই চেমুৱেল ইংতি আৰু আনন্দ তেৰাঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক:New CJ of Gauhati High Court: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত ল'লে সন্দীপ মেহতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.