ডিফু, 13 আগষ্ট : কাৰ্বি আংলঙত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বিশেষ সাফল্য ৷ প্ৰায় 6 কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছসহ বোকাজান আৰক্ষীৰ জালত পৰিল এহাল নগা দম্পত্তি । কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নিৰ্দেশ মৰ্মে বোকাজান মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এক অভিযানকাৰী দলৰ সহযোগত কাৰ্বি আংলং আৰক্ষীয়ে লাভ কৰিছে এই বৃহৎ সাফল্য।
নগা দম্পত্তিৰ পৰা প্ৰায় 2.17 কেজি ড্ৰাগছ জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ৷ বৃহস্পতিবাৰে নিশা অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানত এক বিশেষ সূত্ৰৰ পম খেদি জব্দ কৰে ড্ৰাগছখিনি । কম্বলৰ মাজত লুকুৱাই আনিছিল 150 পেকেট ড্ৰাগছ । ড্ৰাগছ সৰবৰাহকাৰী এহাল নগা দম্পত্তিক আটক কৰে খটখটি আৰক্ষীয়ে ।
ধৃত ৰজি ৰেংমেই আৰু আংমা কামেইক আটক আৰক্ষীৰ । জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় 6 কোটিতকৈ অধিক বুলি জানিবলৈ দিয়ে জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে ৷
নিষিদ্ধ ড্ৰাগছখিনি ডিমাপুৰৰ পৰা অসমলৈ আনি অসমৰ কোনোবা এক পাৰ্টীক দিয়াৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰী দুটাই ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, ড্ৰাগছৰ বিৰুদ্ধে অসম চৰকাৰৰ কঠোৰ স্থিতি আৰু অসম আৰক্ষীৰ নিৰন্তৰ সফলতাৰ বাবে অসমত ড্ৰাগছৰ সৰবৰাহ কিছু হ্ৰাস পাইছে যদিও বহিঃৰাজ্যত এতিয়াও নিষিদ্ধ ড্ৰাগছৰ চাহিদা যথেষ্ট বেছি ৷
ইয়াৰ বাবে নিষিদ্ধ ড্ৰাগছৰ উৎস থকা চুবুৰীয়া ৰাজ্যসমূহৰ পৰা কাৰ্বি আংলং নাগালেণ্ড সীমান্তক এতিয়াও সৰবৰাহকাৰী সকলে ক'ৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ অৱশ্যে সৰবৰাহকাৰী সকলৰ সকলো কাৰ্যকলাপৰ ওপৰত আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি জনায় ৷ কিছুদিন পূৰ্বে কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিৰাক খাটুৱা পথাৰৰ পৰা ব্ৰাউন চুগাৰসহ দম্পতীক গ্ৰেপ্তাৰ কৰিছে কাকপথাৰ আৰক্ষীয়ে ৷
কাকপথাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক মিণ্টু বৈশ্যৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হয় এই দুই দম্পতীহাল ৷ ধৃত দুই দম্পতীৰ পৰা 32 গ্ৰাম ব্ৰাউন চুগাৰ, দুখন মটৰ চাইকেল, দুটা ম'বাইল আৰু 46 হাজাৰ 50 টকা নগদ ধন জব্দ কৰিছে আৰক্ষীয়ে ৷ শেহতীয়াকৈ অসম আৰক্ষী ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে যুদ্ধংদেহী তৎপৰতাৰে নামি পৰাৰ পাছতে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷