ETV Bharat / state

Child rescued in Diphu: ডিফুত সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ দুই শিশু

আপোনাৰ যদি কণমানি সন্তান আছে তেন্তে এতিয়াৰে পৰা সাৱধান হওঁক ৷ কোনো কাৰণতে ক্ষন্তেকৰ বাবে হ’লেও সন্তানক ঘৰত এৰি থৈ নাযাব ৷ কাৰণ এতিয়া সক্ৰিয় ৰূপত পিটপিটাই ফুৰিছে মানৱ সৰবৰাহকাৰী চক্ৰ ৷ আপোনাৰ ঘৰৰ কাষৰ মহিলাও জড়িত থাকিব পাৰে এনে মানৱ সৰবৰাহকাৰী চক্ৰত ৷ আপোনাৰ অনুপস্থিতিত সৰবৰাহকাৰীয়ে সুবিধা বুজি ফুচুলাই লৈ যাব পাৰে আপোনাৰ কণমানি সন্তানক(Child lifter in Nagaon) ৷ এনে এক ঘটনাই সংঘটিত হৈছে নগাঁৱত ৷

Two child rescued from child lifter at diphu
ডিফুত সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ দুই শিশু
author img

By

Published : Nov 4, 2022, 8:56 PM IST

ডিফু, 4 নৱেম্বৰ: নগাওঁ জিলাৰ বটদ্ৰৱা থানা এলেকাৰ পৰা বৃহস্পতিবাৰে অপহৃত দুই শিশু শুকুৰবাৰে ডিফুৰ পৰা উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে(Two missing children rescued in Diphu) ৷ ডিফু আৰক্ষী, গাঁওৰক্ষী বাহিনী আৰু ইটিভি ভাৰতৰ ডিফুৰ সাংবাদিকৰ তৎপৰতাত আজি মানৱ সৰবৰাহকাৰী চক্ৰৰে জড়িত এগৰাকী মহিলাৰ কৱলৰ পৰা উদ্ধাৰ কৰা হয় কণমানি শিশু দুটিক ৷ মহিলা সৰবৰাহকাৰীগৰাকীকো আটক কৰে আৰক্ষীয়ে ৷ ধৃত মহিলাগৰাকী খাদিজা খাতুন বুলি জানিব পৰা হৈছে ৷

ডিফুত সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ দুই শিশু

ডিফু আৰক্ষীয়ে এই অপহৰণ তথা সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত ডিফুৰ ৰংনিহাঙ পথাৰৰ জিয়াউৰ ৰহমান নামৰ লোক এজনকো আটক কৰা বুলি জানিব পৰা হৈছে ৷ কাৰ্বি আংলং জিলা উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই সদৰী কৰা অনুসৰি, শিশু দুটিক বৃহস্পতিবাৰে নগাঁও জিলাৰ বৰদোৱা আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰীৰ পৰা মহিলাগৰাকীয়ে অপহৰণ কৰি আনিছিল ৷ মহিলাগৰাকীৰ ঘৰো ভেৰভেৰী গাঁৱত বুলি জানিব পৰা হৈছে ৷ ধৃত মহিলাগৰাকীয়ে তেওঁৰ প্ৰতিবেশীৰ দুই শিশু সন্তানক ফুচুলাই লৈ আহিছিল ৷

অপহৰণ কৰি অনা ৫ বছৰীয়া দুটি শিশুক পুৱা ডিফুৰ পৰা বাছেৰে ডিমাপুৰলৈ নিয়াৰ সময়তে গাঁওৰক্ষী বাহিনী আৰু ইটিভি ভাৰতৰ সাংবাদিক আৰু ডিফু আৰক্ষীয়ে যৌথ প্ৰচেষ্টাত আটক কৰে ৷ শিশু দুটিৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বটদ্ৰৱা থানাত ১০২/২০২২ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৫ ত ধাৰাত ৰুজু কৰা হৈছিল এটা গোচৰ ৷ উক্ত গোচৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশাৰে পৰা ডিফু আৰক্ষীয়ে গাঁওৰক্ষী বাহিনী আৰু সাংবাদিকৰ সহযোগত অভিযান চলাইছিল ৷

অপহৰণকাৰী খাদিজাই শিশু দুটিক আনি বৃহস্পতিবাৰে নিশাটো ডিফুৰ জিয়াউৰ ৰহমানৰ ঘৰত ৰাখিছিল ৷ ইতিমধ্যে শিশু দুটিৰ পৰিয়ালৰ লোকৰ লগতে বটদ্ৰৱা আৰক্ষীৰ এটি দল ৰাওনা কৰিছে ডিফুলৈ ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব এই মানৱ সৰবৰাহ চক্ৰটোত আৰু কোন কোন জড়িত আছে ৷

লগতে পঢ়ক: Tribal Sangha Protest : উচ্ছেদ বন্ধৰ দাবীত ট্ৰাইবেল সংঘৰ বৃহৎ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.