ডিফু, 20 জানুৱাৰী : ডিফু জিলা সত্ৰ ন্যায়ালয়ৰ সহকাৰী লোক অধিবক্তা মিৰবিন ইংতিপীৰ অপহৰণৰ কাণ্ডত জড়িত ইংতিপীৰ ব্যক্তিগত চালক সহ মূল অভিযুক্ত বুধবাৰে ডিফু আৰক্ষীয়ে আটক কৰে ৷ অপহৰণৰ লগত জড়িত অধিবক্তা গৰাকীৰ চালকৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে নাইছোচাং হোজাই (১৯)নামৰ মূল অভিযুক্ত জনক আটক কৰে ৷
আৰক্ষীৰ সুত্ৰই সদৰি কৰা মতে অভিযুক্ত জনক বৃহস্পতিবাৰে নিশা ডিফুৰ আমোলা পট্টিৰ পৰা আটক কৰে আৰক্ষীয়ে ৷ অভিযুক্ত যুৱক জনৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন জব্দ কৰে ৷ যুৱকজনৰ প্ৰকৃত ঘৰ নাগালেণ্ডৰ ডিমাপুৰ ধনশিৰিপাৰ অন্তৰ্গত গণেশ নগৰৰ বাসিন্দা বুলি আৰক্ষীৰ সুত্ৰই জানিবলৈ দিছে ৷
উল্লেখ্য যে, ডিফুৰ জিলা সত্ৰ ন্যায়ালয়ৰ সহকাৰী লোক অধিবক্তা মিৰবিন ইংতিপীক যোৱা ১৬ জানুৱাৰীত অপহৰণৰ চেষ্টা চোলোৱাৰ এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছিল । আধিবক্তা গৰাকীৰ নিজ গাড়ী চালক গৰাকীৰ পূৰ্ব পৰিকল্পনাৰ অনুসৰি এই অপহৰণৰ কাৰ্য সংঘটিত হৈছিল বুলি ডিফু আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰাজ ইংতিয়ে সাংবাদিকক জানিবলৈ দিছে ৷
লগতে চিৰাজ ইংতিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ১৬ জানুৱাৰীত এক গোচৰ সংক্ৰান্তীয় কামৰ বাবে ডিফুৰ ৰংনিহাঙত থকা এগৰাকী সতীর্থৰ গৃহলৈ গৈছিল অধিবক্তা গৰাকী । অধিবক্তাগৰাকীয়ে প্ৰায নিশা ৯ বজাত নিজ গাড়ীৰে বাসগৃহলে বুলি উভতি অহাৰ সময়ত এই অপহৰণ কাণ্ড সংঘটিত হয় ।
অমিত টংলা নামৰ কাৰ্বি আংলঙৰ সৰিয়হজানৰ নিবাসী এই চালকগৰাকী বিগত বহু বছৰ ধৰি অধিবক্তাগৰাকীৰ সৈতে আছিল । আৰক্ষীয়ে ইতিমধ্যে চালকগৰাকীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে । ইফালে, ডিফু থানাত ১৩/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰি অপহৰণৰ লগত জড়িত যুৱকদ্বয়ক ডিফু আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
লগতে পঢ়ক: ক'ভিড ভেকচিন: বিভ্ৰান্তি আৰু সত্য