ETV Bharat / state

কাৰ্বি আংলঙৰ লাংহিনত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : May 4, 2021, 5:29 PM IST

কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক-মেজিক বাহনৰ মুখামুখি সংঘৰ্ষ ৷ থিতাতে নিহত এজন আৰোহী ৷

কাৰ্বি আংলং জিলাৰ লাংহিনত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিফু,4 মে': কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মঙলবাৰে পুৱা 10 বজাত ৰাষ্ট্ৰীয় ঘাইপথত 02-CC-2337 নম্বৰৰ শাক-পাচলি ভৰ্তি মেজিক বাহন আৰু NL 01 L 7670 নম্বৰৰ বাৰচকীয়া ট্ৰাক এখনৰ লগত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত বকলীয়াঘাটৰ মঙলবৰীয়া সাপ্তাহিক বজাৰলৈ গৈ থকা মেজিক গাড়ীখনৰ আৰোহী ২৭ বছৰীয়া নজৰুদ্দিন আহমেদ থিতাতে নিহত হয় ৷ মেজিক বাহনখনত থকা আন দুগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷

ইফালে দুলাল হুছেইন নামৰ ব্যক্তিগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত সকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ক'ভিড-১৯: ভয়াৱহ পৰিস্থিতিৰ দিশে অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.