ETV Bharat / state

অসম-মেঘালয় সীমান্তৰ খেৰণিত জব্দ চোৰাং কুণ্ডা ভৰ্তি ট্ৰাক

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত অব্যাহত আছে বন মাফিয়াৰ তাণ্ডৱ । মঙ্গলবাৰে পুৱতি নিশা খেৰণি বন বিভাগৰ এটি দলে গোপন সূত্ৰৰ ভিত্তিত অসম-মেঘালয়ৰ সীমান্তৰ মুক্ৰ অঞ্চলত অভিযান চলাই মেঘালয় অভিমুখী ML-04-7795 নম্বৰৰ কুণ্ডা ভৰ্তি এখন ট্ৰাক জব্দ কৰে ।

TIMBER SEIZED AT ASSAM MEGHALAYA BORDER
অসম-মেঘালয় সীমান্তৰ খেৰণিত জব্দ চোৰাং কুণ্ডা ভৰ্তি ট্ৰাক
author img

By

Published : Feb 9, 2021, 9:23 PM IST

ডিফু,৯ ফেব্ৰুৱাৰী:পশ্চিম কাৰ্বি-আংলং জিলাৰ অসম-মেঘালয় সীমান্তত অব্যাহত আছে বন মাফিয়াৰ তাণ্ডৱ । মেঘালয়ৰ বন মাফিয়াই সেউজ কাৰ্বি পাহাৰ ধ্বংস কৰি নিতৌ চলাই আহিছে বনজ সম্পদ ধ্বংস যজ্ঞ । ইয়াৰ মাজতে মঙলবাৰে পুৱতি নিশা খেৰণি বন বিভাগৰ এটি দলে গোপন সূত্ৰৰ ভিত্তিত অসম- মেঘালয়ৰ সীমান্তৰ মুক্ৰ অঞ্চলত অভিযান চলাই মেঘালয় অভিমুখী ML-04-7795 নম্বৰৰ কুণ্ডা ভৰ্তি এখন ট্ৰাক জব্দ কৰে ।

ইপিনে ,বন বিভাগৰ অভিযানৰ উমান পাই মেঘালয়ৰ বনজ সম্পদ লুণ্ঠনকাৰী দলটোৱে সেই স্থানৰ পৰা পলায়ন কৰে । পৰৱৰ্তী সময়ত খেৰণি বন বিভাগে জব্দকৃত কুণ্ডাভৰ্তি বাহন খন খেৰণি বনাঞ্চলিক কাৰ্যালয়ত আনি বন কৰ্মী-বিষয়াৰ এটা দলে বৰ্তমান পৰ্যন্ত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃহাইলাকান্দিৰ কাটলিছেৰাত মিজো দুৰ্বৃত্তই জ্বলালে অসমীয়া লোকৰ ঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.