ETV Bharat / state

Morphine Seized: ৭ কোটি টকাৰ মৰফিনসহ তিনি সৰবৰাহকাৰী আটক - দুজন যুৱকক আটক

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটী আৰু লাহৰিজানত দুটা পৃথক অভিযানত উদ্ধাৰ কৰা হৈছে প্ৰায় 7 কোটি টকাৰ মৰফিন ৷ লগতে তিনি সৰবৰাহকাৰীক আটক কৰা হৈছে ৷

Morphine Seized in KARBI ANGLONG
৭ কোটি টকাৰ মৰফিনসহ তিনি সৰবৰাহকাৰী আটক
author img

By

Published : Aug 11, 2023, 10:25 PM IST

৭ কোটি টকাৰ মৰফিনসহ তিনি সৰবৰাহকাৰী আটক

ডিফু, ১১ আগষ্ট: নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কাৰ্বি আংলং জিলাত অব্যাহত আছে আৰক্ষীৰ কঠোৰ অভিযান ৷ শুকুৰবাৰে জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটী আৰু লাহৰিজানত দুটা পৃথক অভিযানত পুনৰ উদ্ধাৰ কৰা হৈছে বুজন পৰিমানৰ মৰফিন ৷

প্ৰাপ্ত খবৰ অনুসৰি, প্ৰথমটো অভিযানত কাৰ্বি আংলং আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) জন দাস, খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমেন বৰদলৈয়ে , চি আৰপি এফৰ চি ২০ নং বেটেলিয়ন আৰু খটখটী থানাৰ ষ্টাফৰ সহযোগত বিয়লি ৪.৩০ মান বজাত খটখটী আৰক্ষী থানাৰ অন্তৰ্গত বালিজানত এক বিশেষ নাকা তালাচী চলায় ৷ এই তালাচীতে ৭৭৬'৬ গ্ৰাম মৰফিনসহ দুজন যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

নিশ্চিত তথ্যৰ ভিত্তিত আৰক্ষীয়ে স্থাপন কৰা নাকা তালাচীৰ সময়ত এখন এফ জেড মটৰ চাইকেলেৰে ডিমাপুৰ দিশৰ পৰা খটখটী দিশলৈ আহি থকা দুজন যুৱকৰ পৰা এই মৰ্ফিনখিনি উদ্ধাৰ কৰা হৈছে ৷ এই মৰফিনখিনি সৰবৰাহৰ লগত জড়িত যুৱক দুজন ক্ৰমে নাগালেণ্ডৰ থংগিন চংলই (২৬) আৰু মণিপুৰৰ পাওলেন চংলই (৪০)ক আৰক্ষীয়ে আটক কৰে ৷

আনহাতে দ্বিতীয়টো অভিযানত কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) জন দাসৰ নেতৃত্বত আৰু বোকাজান অ'চি, খটখটী অ'চি ডিলাই আই/চি , কাৰেগাওঁ পহৰা চকীৰ আই/চি, লাহৰি পহৰা চকীৰ আই/চি আৰু চি ২০ চিআৰপিএফৰ সহযোগত লাহৰিজানত চলোৱা নাকা তালাচীত প্ৰায় এক কেজি ওজনৰ দুই পেকেট মৰফিন জব্দ কৰে ৷ পশ্চিম বংগৰ পঞ্জীয়ন নম্বৰ থকা জে ০৩৭০ নম্বৰৰ চুইফ্ট ডিজায়াৰ বাহনখনৰ পৰা মৰফিনখিনি উদ্ধাৰ কৰা হয় ৷

মৰফিন সৰবৰাহৰ সৈতে জড়িত থকাৰ বাবে আৰক্ষীয়ে মণিপুৰ থউবাল জিলাৰ মুৱাজ (৩৩)ক আটক কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত মৰফিনখিনিৰ বজাৰ মূল্য প্ৰায় ৭ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী তিনিটাক জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Illegal saw mill seized: অবৈধ কাঠৰ মিলসহ কাঠৰ কুন্দা জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.