ডিফু,9 মে’: কাৰ্বি আংলঙত অক্সিজেনৰ নাটনিক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই । জিলাখনত সম্প্ৰতি পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন মজুত আছে । ডিফু চিকিৎসা মহাবিদ্যালয়কে ধৰি জিলাখনৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন মজুত কৰি ৰখা হৈছে ৷ শনিবাৰে এই কথা সদৰী কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিয়ে ৷
সমগ্ৰ দেশতে কৰ’ণাৰ ভয়াৱহ সংক্ৰমণৰ লগতে অক্সিজেনৰ অভাৱ এক অন্যতম সমস্যা হিচাপে পৰিগণিত হোৱাৰ সময়তে এই মন্তব্য প্ৰদান কৰে পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীয়ে । উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তত ইতিমধ্যে 18 বছৰৰ ঊৰ্ধৰ লোকসকলৰ মাজত ক’ভিড প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে ।
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিয়ে জিলাখনৰ কেইবাটাও প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰতিষেধক প্ৰদানৰ পৰিস্থিতিৰ বুজ লয় । এই সন্দৰ্ভত সাংবাদিকৰে হোৱা বাৰ্তালাপত কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে, পিএম কেয়াৰ পুঁজিৰ ধনেৰে ডিফু চৰকাৰী মহাবিদ্যালয় হাস্পতালত নিৰ্মাণ কৰা অক্সিজেন প্লাণ্ট মুকলি কৰা হ’ব ৷
অৱশ্যে জিলাখনৰ ক’ভিড পৰিস্থিতি যাতে দুৰাৱস্থালৈ গতি নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে কঠোৰভাৱে ক’ভিড বিধি মানি চলিবলৈ আহ্বান জনাই কাৰ্যবাহী সদস্যগৰাকীয়ে ।
লগতে পঢ়ক : মৰিগাঁৱত সকলো বজাৰ বন্ধ ৰখাৰ নিৰ্দেশ উপায়ুক্তৰ