ডিফু,৩০ এপ্ৰিলঃ কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুভাষ চন্দ্ৰ দাসৰ দেহাৱসান ৷ অসম সাহিত্য সভাৰ একনিষ্ঠ সেৱক, বিশিষ্ট সমাজকৰ্মী সুভাষ চন্দ্র দাসে বুধবাৰে নিশা ১.৩৫ বজাত গুৱাহাটীৰ ডাউন টাউন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ দাসৰ মৃত্যুৰ বাতৰিয়ে সকলোকে মৰ্মাহত কৰাৰ লগতে সমগ্ৰ কাৰ্বি আংলঙত শোকৰ ছাঁ পেলায় । বৃহস্পতিবাৰে বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃতদেহ বকলীয়াঘাটৰ বাসভৱন আহি পোৱাৰ পিছত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু গুণমুগ্ধই শেষ শ্রদ্ধা নিবেদন কৰে । লগতে সাহিত্যিক গৰাকীৰ মৃত্যুত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ পৰমানন্দ ৰাজবংশী, বৰ্তমানৰ সভাপতি কুলধৰ শইকীয়া আৰু সম্পাদক যাদৱ শৰ্মাই গভীৰ সমবেদনা জ্ঞাপন কৰে ।
ব্যক্তিগৰাকীৰ বিয়োগ কাৰ্বি আংলং জিলা সাহিত্য সভাৰ বাবে এক অপূৰণীয় ক্ষতি বুলি সম্পাদক বিশ্বজ্যোতি হাজৰিকাই উল্লেখ কৰে ৷ আনহাতে, দাসৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে কাৰ্বি আংলং জিলা প্ৰেছ ক্লাব আৰু হাওৰাঘাট মহকুমা প্ৰেছ ক্লাবৰ সদস্যসকলে ৷
লগতে চাওকঃ চৰকাৰৰ বিৰুদ্ধে মাত মতাসকলৰ বিৰুদ্ধে জাপি দিছে ভুৱা গোচৰ