ডিফু, ১৯ ছেপ্টেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত অত্যাধিক গৰমৰ সমান্তৰালকে প্ৰবল বৃষ্টিপাত আৰু ধুমুহাই ত্ৰাসৰ সৃষ্টি কৰিছে ৷ যোৱা ১৭ ছেপ্টেম্বৰৰ নিশাৰ পৰা আজি পৰ্যন্ত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত প্ৰচণ্ড ধুমুহাই তাণ্ডৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে।
শেষ নিশা অকস্মাতে অহা প্ৰচণ্ড বা-মাৰলিজাকে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আৰু বকলীয়াঘাট এলেকাৰ বিস্তৃত এলেকাত ব্যাপক ধ্বংসলীলা চলায়। ধুমুহাত এলেকাটোৰ অসংখ্য ঘৰ-দুৱাৰ ধুমুহাই উৰুৱাই নিয়াৰ ফলত বহুলোক গৃহহীন হৈ পৰে । ইয়াৰ উপৰি এলেকাটোত ধুমুহাৰ তাণ্ডৱৰ ফলত কেইবাশ সৰু-ডাঙৰ গছ ভাঙি উভালি পৰে।
ইফালে সোমবাৰে পুৱাৰ ভাগত ধুমুহাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ হাওৰাঘাট তিনিআলিৰ পৰা হাওৰাঘাট সংযোগী পথচোৱাৰ একাধিক স্থানত পথৰ ওপৰতে প্ৰকাণ্ড আকাৰৰ গছ বাগৰি পৰে । এনেদৰে গছ বাগৰি পৰাৰ ফলত এলেকাটোৰ যাতায়াত ব্যৱস্থাও ব্যাহত হৈ পৰে। আনকি ধুমুহাই হাওৰাঘাট নগৰত গণেশ চতুৰ্থী উপলক্ষে নিৰ্মাণ কৰি উলিওৱা বৃহৎ মণ্ডপো তচনচ কৰি পেলায় ৷
ইয়াৰোপৰি বিভিন্ন স্থানত ধুমুহাৰ ফলত ভালেসংখ্যক গছ বাগৰি পৰাৰ ফলত বৈদ্যুতিক তাঁৰ ছিঙি যায় ৷ লগতে বিদ্যুতৰ খুঁটা পৰ্যন্তো ভাঙি পৰিছে । তাৰ ফলশ্ৰুতিত আজি পৰ্যন্ত বৃহত্তৰ এলেকাটোৰ ঠায়ে ঠায়ে বিদ্যুৎ সেৱা ব্যাহত হৈ আছে ৷ ইয়াৰোপৰি আজি প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত লাহৰিজান লাইন হোটেলৰ পৰা ছানডে’ মাৰ্কেট যোৱা পথৰত এখন বাহন আৰু ৰয়েল চেলেঞ্জ নামৰ ওৱাইন শ্বপৰ আংশিক ক্ষতি সাধন হয় ৷ ইয়াৰোপৰি ঘাই পথত উভালি পৰা গছৰ ফলত দীৰ্ঘ সময় ধৰি যাতায়ত ব্যাহত হৈ পৰে বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি ধুমুহাই স্থানীয় লোকসকলক ত্ৰাসিত কৰি তুলিছে ৷
লগতে পঢ়ক: Heavy storm in Dibrugarh: ধুমুহাত টিংখাঙত প্ৰকাণ্ড গছ পৰি ভাগিল বহুতো গৃহ