ETV Bharat / state

সুখবৰ: এতিয়াৰে পৰা ৰে’লেৰে গোৱা ভ্ৰমণ কৰিব পাৰিব তীৰ্থযাত্ৰীয়ে

উত্তৰ-পূৱৰ তীৰ্থযাত্ৰী (pilgrim)সকলৰ বাবে ‘Vivrent Goa’ পেকেজ মুকলি উত্তৰ-পূৱ ৰে’লৱে (North-Eastern Railway)ৰ ৷ এই বিশেষ পেকেজত অন্তৰ্ভুক্ত ‘তীৰ্থযাত্ৰী বিশেষ পৰ্যটক ৰে’ল’ শীৰ্ষক ৰে’লখনৰ জৰিয়তে গোৱা ভ্ৰমণ কৰিব পাৰিব উত্তৰ-পূৱৰ তীৰ্থযাত্ৰীসকলে ৷

author img

By

Published : Aug 6, 2021, 8:09 AM IST

special tourist train for pilgrim
তীৰ্থযাত্ৰীৰ বাবে বিশেষ পৰ্যটক ৰে’ল

ডিফু,6 আগষ্ট : উত্তৰ-পূৱৰ তীৰ্থযাত্ৰী (pilgrim)সকলৰ বাবে এক সুখবৰ ৷ উত্তৰ-পূৱ ৰে’লৱে (North-Eastern Railway)ৰ তৰফৰ পৰা তীৰ্থযাত্ৰীসকলৰ বাবে এক বিশেষ পেকেজসহ এখন ৰে’লৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰা হৈছে ৷ উত্তৰ-পূৱ ৰে’লৱেৰ ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড ট্যুৰিজিম কৰ্প’ৰেশ্যন লিমিটেড চমুকৈ (IRCTC)ৰ উদ্যোগত বৃহস্পতিবাৰে কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱত আয়োজন কৰা হয় এক সংবাদমেলৰ ৷

সুখবৰ: এতিয়াৰে পৰা ৰে’লেৰে গোৱা ভ্ৰমণ কৰিব পাৰিব তীৰ্থযাত্ৰীয়ে

সংবাদমেলত ৰে’ল বিভাগে তীৰ্থ যাত্ৰীৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত সবিস্তাৰে আলোচনা কৰা হয় ৷ সংবাদমেলযোগে ৰে’লৱে বিষয়াই বিশেষ পৰ্যটক ৰে’লখনৰ সবিশেষ উল্লেখ কৰি কয় যে, ‘তীৰ্থযাত্ৰী বিশেষ পৰ্যটক ৰে’ল’ শীৰ্ষক ৰে’লখন ‘প্ৰাণৱন্ত গোৱা’ (Vivrent Goa) নামৰ পেকেজটোত অন্তৰ্ভুক্ত কৰা হৈছে ৷

আগন্তুক 30 ছেপ্তেম্বৰত ত্ৰিপুৰাৰ আগৰতলাৰ পৰা গুৱাহাটী, নিউ জলপাইগুৰী হৈ ৰে’লখনে গোৱাত উপস্থিত হ’ব ৷ উক্ত ৰে’লযোগে গোৱা ভ্ৰমণত যোৱা ৰে’লযাত্ৰীসকলে চাৰিদিন আৰু তিনিটা নিশা গোৱাত থকাৰ লগতে গোৱাৰ আকৰ্ষণীয় পৰ্যটনথলীসমূহ ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব ৷

লগতে পঢ়ক : পেট্ৰ’পণ্যৰ বাবদ হোৱা ব্যয় ৰাহি কৰিবলৈ ইথানল উৎপাদন কৰিব ৰাজ্য চৰকাৰে

এবাৰত সৰ্বাধিক 600 যাত্ৰী যাব পৰা সুবিধা আছে এই ৰে’লখনত ৷ শ্লীপাৰ আৰু শীত-তাপ নিয়ন্ত্ৰিত দুয়োটা ব্যৱস্থাৰে যাত্ৰীসকলে ভ্ৰমণ কৰাৰ ব্যৱস্থা থাকিব বুলি সংবাদমেলত উল্লেখ কৰা হয় ৷ যাত্ৰীসকলৰ বাবে প্ৰতিটো ডবাতে নিৰাপত্তাৰ ব্যৱস্থাও কৰা হ’ব ৷ যাত্ৰীসকলে আগৰতলাৰ পাচতে বদৰপুৰ, লামডিং, গুৱাহাটী, নিউ বঙাইগাওঁ, নিউ কোচবিহাৰ, নিউ জলপাইগুৰি আৰু মালদা ষ্টেচনত ৰে’লত উঠিব পাৰিব ৷

শ্লীপাৰ শ্ৰেণীৰ যাত্ৰীসকলৰ বাবে ভাড়াৰ মূল্য 11,340 টকা হোৱাৰ বিপৰীতে শীত-নিয়ন্ত্ৰিত ডবাৰ যাত্ৰীসকলৰ বাবে টিকটৰ মূল্য হ’ব 18,900 টকা ৷ যাত্ৰীসকলৰ অহা-যোৱা, থকা-মেলা. ফুৰা-চকা. যাত্ৰী বীমাকে ধৰি সকলো সকলো ব্যয় এই মূল্যত অন্তৰ্ভুক্ত কৰা হৈছে ৷ যাত্ৰীসকলে টিকটৰ বাবে IRCTCৰ ৱেৱছাইটযোগে অথবা IRCTC অনুমোদনপ্ৰাপ্ত টিকট এজেণ্টৰ পৰাও টিকট সংগ্ৰহ কৰিব পাৰিব ৷

30 ছেপ্তেম্বৰত আগৰতলাৰ পৰা যাত্ৰা আৰম্ভ কৰি পুনৰ 11 অক্টোবৰত আগৰতলাত যাত্ৰাৰ সামৰণি মাৰিবলগীয়া যাত্ৰীসকলে গোৱাৰ আকৰ্ষণীয় পৰ্যটনথলা ক্ৰমে- দোনা পাওলা, কালানগুট, বাঘা, মীৰামাৰ বীচ্চ, ফৰ্ট আগুৱাডা, বাচিলিকা অব বম জেচাচ, চি কেথেড্ৰল, কোলভা বীচ্চ, মাংগেচি টেম্পল, ছাণ্টা দুৰ্গা টেম্পল, বাগা বীচ্চ মাদগাঁও মাৰ্কেট আদি পৰিদৰ্শনৰ সুযোগ লাভ কৰিব বুলি সংবাদমেলত উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক : ক্ৰমাৎ প্ৰত্যাহ্বান নামিছে উদাসীন সত্ৰৰ সত্ৰীয়া পৰম্পৰালৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.