ডিফু, ৯ জুন : চেন্নাইৰ পৰা হাফলঙৰ নিজৰ ঘৰলৈ উভতা এজন ৫৮ বৰ্ষীয় লোকৰ প্ৰথম স্বাব পৰীক্ষাৰ পাছত নিগেটিভ অহাত হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু হোম কোৱাৰেন্টাইন অৱস্থাতে লোকজন হঠাৎ অসুস্থ হৈ পৰাত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও লোকজনৰ মৃত্যু হয়। পৰৱৰ্তী সময়ত লোকজনৰ মৃতদেহটোৰ কৰʼণা পৰীক্ষা কৰা হয় আৰু কৰʼণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। আনহাতে মৃত্যু হোৱা লোকজনৰ মৃতদেহ সৎকাৰৰ বাবে অঞ্চলটিত স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ মাজত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ।
ঘটনাৰ বিৱৰণ অনুসৰি, জিলাখনত কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা লোকক সৎকাৰ কৰিবলৈ কাৰ্বি আঙলং স্বায়ত্ত শাসিত পৰিষদে ডিফু লামডিং - পথত দি থৈছিল এডোখৰ ভূমি ৷ কিন্তু সোমবাৰে লোকজনৰ মৃতদেহ সৎকাৰৰ প্ৰস্তুতি চলাবলৈ গৈ পিছ হুহুকিবলগীয়া হ'ল জিলা আৰক্ষী প্ৰশাসন ৷ কাৰণ স্থানীয় ৰাইজে সংক্ৰমণৰ ভয়ত সৎকাৰত প্ৰশাসনক বাধা আৰোপ কৰে ৷ স্থানীয় ৰাইজে উজাগৰে নিশা কটাই সৎকাৰ কাৰ্যৰ বিৰোধিতা কৰে । সোমবাৰে গোটেই নিশা মৃতদেহ সৎকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিও ডিফুত সৎকাৰ কৰিব নোৱাৰি আৰক্ষীয়ে মঙলবাৰে পুৱা মৃতদেহ তেওঁৰ গৃহ চহৰ বকলীয়াঘাটলৈ লৈ যায় ৷ তাত গাঁৱৰ চূণপূৰাৰ ৰাজহুৱা শ্মশানত সম্পূৰ্ণ কোভিড-১৯ৰ নীতি নিৰ্দেশনা অনুসৰি লোকজনৰ মৃতদেহ সৎকাৰ কৰা হয় ৷
লগতে পঢ়ক : দক্ষিণ শালমাৰাত ৭ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা