ETV Bharat / state

ডিফুত গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত সাহাৰ্য বিতৰণ

author img

By

Published : Jun 1, 2021, 10:45 AM IST

আৰ্থিক সংকটত ভোগা খাটিখোৱা লোকসকললৈ কিছু সকাহ এছবিআইৰ গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকলৈ খাদ্য সামগ্ৰী বিতৰণ এছবিআইৰ গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৷

ডিফুত গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত সাহাৰ্য বিতৰণ
ডিফুত গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত সাহাৰ্য বিতৰণ

ডিফু,৩১ মে': ৰাজ্যজুৰি মিনি লকডাউন ৷ যাৰ ফলত প্ৰভাৱিত হৈছে দৰিদ্ৰসীমা ৰেখাৰ তলত বসবাস কৰা লোকসকল ৷ আৰ্থিক সংকটত ভোগিছে খাটিখোৱা লোকসকল ৷ যাৰবাবে এই লোকসকলক কিছু সকাহ দিবলৈ সোমবাৰে ডিফুস্থিত গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানে ডিফুৰ প্ৰায় 15 টা পৰিয়ালক খাদ্য সামগ্ৰী আৰু ছেনিটাইজাৰ লগতে মাস্ক আদি বিতৰণ কৰে ৷

উল্লেখ্য যে, এই প্ৰশিক্ষণ প্ৰতিষ্ঠানে চৰকাৰৰ নিৰ্দেশ মৰ্মে, দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লোকৰ স্কীল ডেভ'লপমেণ্টৰ বাবে নানা বিনামূলীয়াকৈ চিলাই, বোৱা-কটা, বিউটি পাৰ্লাৰ, গাহৰি পালন আদিৰ ওপৰত প্ৰশিক্ষণ দি সু-প্ৰশিক্ষিত কৰি তোলে ৷ প্ৰশিক্ষাৰ্থী সকলে প্ৰতিষ্ঠানটোত থকা-খোৱাৰ সুবিধা লাভ কৰিব পাৰে ৷ কিন্তু জিলাখনৰ ডিফুস্থিত স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানটো আৱাসিক নোহোৱাৰ বাবে সৃষ্টি হৈছে কিছু সমস্যাৰ ৷

অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ কাষত প্ৰতিষ্ঠানটোৰ স্থায়ী কাৰ্যালয়ৰ বাবে চৰকাৰে 7 বিঘা ভূমি আবণ্টন দিয়াৰ লগতে পট্টা প্ৰদান কৰিছিল যদিও একাংশ লোকে উক্ত ভূমি অন্যায় ভাবে বেদখল কৰি থৈছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সঞ্চালক পিকে শৰ্মাই ৷

জিলাখনৰ অসংখ্য দৰিদ্ৰ সীমা ৰেখাৰ তলৰ নিবনুৱা যুৱক-যুৱতীয়ে এছবিআইৰ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ’ব পাৰিলেহেতেন, যদিও এনেধৰণৰ বেদখলকাৰীৰ বাবে প্ৰতিষ্ঠানটোৰ বাবে নিবনুৱা সকলক আত্মনিৰ্ভৰ হ’ব পৰাকৈ প্ৰশিক্ষিত কৰি তোলাত হেঙাৰ স্বৰূপ হৈ পৰিছে ৷ সেয় বেদখলকাৰীয়ে উক্ত বেদখলকৃত ভূমি স্বেচ্ছাই খালী কৰি দিবলৈ অনুৰোধ জনাইছে সঞ্চালক গৰাকীয়ে ৷

লগতে পঢ়ক: সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য: সৰৱ সংখ্যালঘু পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.