ডিফু, ১৩ জানুৱাৰী: কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনে বৃহস্পতিবাৰে বকলিয়াঘাটৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীক ‘ৰংবং তেৰাং সমন্বয় বঁটা’ প্ৰদান কৰে (Rongbong Terang Integration Award)৷ কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ প্ৰেক্ষাগৃহত চিংথুৰ প্ৰকাশনে আয়োজন কৰা ২০২২ চনৰ ‘ৰংবং তেৰাং সমন্বয় বঁটা’ প্ৰদান অনুষ্ঠানত বঁটা গ্ৰহণ কৰি সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীয়ে মন্তব্য কৰে যে, ‘ৰংমিলিৰ হাঁহি’ৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাং পাহাৰীয়া সমাজ জীৱনৰ এগৰাকী পুৰোধা ব্যক্তিৰ লগতে সাহিত্য আকাশৰ ভোটা তৰা ৷
ৰংবং তেৰাঙৰ ৮৬ সংখ্যক জন্ম দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি পদ্মশ্ৰী ৰংবং তেৰাঙৰ হাতেৰেই বঁটা গ্ৰহণ কৰি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে ইয়াকো কয় যে, সত্ৰসমূহ সমন্বয়ৰ অনুষ্ঠান ৷ সত্ৰত প্ৰৱেশ কৰাৰ লগে লগে নিজস্ব পৰিচয় পাহৰি ভকত-বৈষ্ণৱৰ পৰিচয়ৰ সৈতে জড়িত হৈ পৰিব লাগে ৷ সত্ৰসমূহৰ লক্ষ্য উদ্যেশ্য হৈছে, জন কল্যাণৰ অৰ্থে নিৰলসভাৱে কাম কৰি যোৱা ৷ ৰাইজৰ সেৱা কৰি যোৱাই সত্ৰৰ ধৰ্ম বুলি মন্তব্য কৰে সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীয়ে (Auniati Satra Satradhikar Pitamber Dev Goswami) ৷
আনহাতে পদ্মশ্ৰী ৰংবং তেৰাঙে সাংবাদিকৰ আগত কয় যে, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীয়ে ‘ৰংবং তেৰাং সমন্বয় বঁটা’ গ্ৰহণ কৰিবলৈ পাহাৰীয়া জিলাখনলৈ অহাটোৱেই অসম আৰু পাহাৰীয়া জিলাখনৰ বাবে এক সমন্বয়ৰ বাৰ্তা ৷ তেওঁৰ জন্ম দিনত বকলীয়াঘাট চিংথুৰ প্ৰকাশনে ২০১৭ চনৰ পৰাই প্ৰদান কৰি অহা ‘ৰংবং তেৰাং সমন্বয় বঁটা’ তেওঁৰ বাবে এক ডাঙৰ সন্মান, সেয়ে পদ্মশ্ৰী ৰংবং তেৰাঙে চিংথুৰ প্ৰকাশনক কৃতজ্ঞতা জনায় ৷
বঁটা প্ৰদান অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ বহুকেইগৰাকী বিশিষ্ট সাহিত্যিক, সাংবাদিক, সাহিত্যিকে ভাষণ প্ৰদান কৰে ৷ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীক বঁটাৰ সৈতে কিতাপৰ টোপোলা, কাৰ্বি চয়হংথৰ(জেকেট), পহ' (গামোছা), জাম্বুৰং (মোনা), জাম্বলি আথন, কাৰ্বি শ্বল, স্মাৰক আৰু নগদ ধনেৰে সম্বৰ্ধনা জনোৱাৰ লগতে জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে উষ্ম আদৰণি জনায় ৷
প্ৰবক্তা ভৱেন কোঁচে আঁতধৰা বঁটা প্ৰদান সভাখন ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে আৰম্ভ হয় ৷ অনষ্ঠানটিত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, MAC ৰামছিং তিমুং, অসম সাহিত্য সভাৰ সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, পদ্মশ্ৰী সূৰ্য হাজৰিকা, চিংথুৰ প্ৰকাশনৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা, জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাৰ লগতে বহু বিশিষ্টব্যক্তি ৷
লগতে পঢ়ক: পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্ম দিৱস উপলক্ষে 'সমন্বয়ৰ ৰং, তুমি ৰংবং" শুভ উন্মোচন