ETV Bharat / state

ডিফুৰ দলদলীত নিহত এটা চোৰাং চিকাৰী - দলদলী সংৰক্ষিত বনাঞ্চল

দলদলী সংৰক্ষিত বনাঞ্চলত বনৰক্ষীৰে মুখামুখী সংঘৰ্ষত নিহত ১ টা চোৰাং চিকাৰী ৷ আনহাতে তিনিটা চোৰাং চিকাৰী পলায় যায় ৷ ইতিমধ্যে উক্ত চোৰাং চিকাৰী কেইটাক আটক কৰিবলৈ ইতিমধ্যে তীব্ৰ অভিযান আৰম্ভ কৰিছে বনৰক্ষীয়ে ৷

ETV BHARAT
ডিফুৰ দলদলীত নিহত এটা চোৰাং চিকাৰী
author img

By

Published : May 29, 2020, 7:44 PM IST

Updated : May 29, 2020, 9:01 PM IST

ডিফু, 29 মেঃ দলদলী সংৰক্ষিত বনাঞ্চলত বনৰক্ষীৰে মুখামুখী সংঘৰ্ষত নিহত এটা চোৰাং চিকাৰী ৷ নিহত চিকাৰীটো বৰ্তমানলৈকে চিনাক্ত হোৱা নাই ৷

ডিফুৰ দলদলীত নিহত এটা চোৰাং চিকাৰী

কৰ'ণাতংকৰ মাজতে কাৰ্বি আংলং জিলাৰ ধনশিৰি-দলদলি সংৰক্ষিত বনাঞ্চলত বৃহস্পতিবাৰে নিশা বনৰক্ষী আৰু চোৰাং চিকাৰীৰ দলৰ মাজত হোৱা সংঘৰ্ষত এটা চোৰাং চিকাৰী নিহত হয় ৷ নিহত চিকাৰীটো বৰ্তমানলৈকে চিনাক্ত হোৱা নাই ৷ উল্লেখ্য যে, কেইদিনমান পূৰ্বে কাজিৰঙাৰ অগৰাতলী ৰেঞ্জত এটা প্ৰাপ্তবয়স্ক গড় হত্যা কৰিছিল চোৰাং চিকাৰীয়ে ৷ সেই গড় হত্যাত জন থাং ওৰফে থাংবয় নামৰ এগৰাকী দুৰ্ধৰ্ষ চিকিৰী জড়িত আছিল বুলি বন বিভাগৰ হাতত খবৰ আছিল ৷ গোপন সুত্ৰে পোৱা খবৰ অনুসৰি ডিমাপুৰৰ ধনশিৰি-দলদলি সংৰক্ষিত বনাঞ্চলত 6 জনীয়া চোৰাং চিকাৰী দল এটাই আশ্ৰয় লৈ থকা বুলি বন বিভাগে খবৰ লাভ কৰিছিল ৷ উক্ত খবৰৰ ভিত্তিত বন বিভাগে পাচঁদিন ধৰি ডিমাপুৰ সীমান্ত অৰণ্যৰ পথত পহৰাৰ ব্যৱস্থা কৰিছিল ৷ বন বিভাগৰ লোকৰ লগতে পহৰাত আছিল স্বেচ্ছাসেৱকৰ দল ৷ কালি নিশা দলদলি সংৰক্ষিত বনাঞ্চলৰ দিচাংচিত চোৰাং চিকাৰীৰ দলটোৰ মুখামুখি সংঘৰ্ষ হয় বন আৰক্ষীৰ ৷ আনহাতে গড়ৰ খৰ্গ লৈ চোৰাং চিকাৰী থাংবয় আৰু আন তিনিটা চোৰাং চিকাৰী পলায় যায় যদিও এটা চিকাৰীৰ মৃত্যু হয় ৷ বন বিভাগৰ মুখ্য বন সংৰক্ষক অভিজিত ৰাভাই কয় যে দলটো এতিয়াও কাৰ্বি আংলঙৰ অৰণ্যতে আছে আৰু চোৰাং চিকাৰী কেইটাক আটক কৰিবলৈ ইতিমধ্যে তীব্ৰ অভিযান চলি আছে ৷ মুখ্য বনসংৰক্ষক অভিজিত ৰাভাই কয় যে, বাৰিষা অহাৰ লগে লগে কাজিৰঙাৰ গড় আৰু অন্যান্য জীৱজন্তু আহি কাৰ্বি আংলং জিলাৰ পাহাৰত আশ্ৰয় লয় ৷ ইয়াৰ লগে লগে চোৰাং চিকাৰীয়ে লক্ষ্য কৰি লয় বন্যপ্ৰাণীক ৷ সেয়ে এতিয়াৰে পৰা বন বিভাগে দিনে ৰাতিয়ে পহৰাৰ ব্যৱস্থা কৰিছে বুলি সাংবাদিকৰ আগত সদৰি কৰে বন বিষয়া গৰাকীয়ে ৷

লগতে পঢ়ক-সনাতন ডেকা হত্যাকাণ্ডঃ আৰক্ষীৰ জালত অন্তিমটো অপৰাধী

Last Updated : May 29, 2020, 9:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.