ডিফু, 20 জানুৱাৰী : কার্বি আংলং জিলা আৰক্ষীয়ে বুধবাৰে জিলাখনৰ ডিলাইত এক অভিযান চলাই এটা গঁড়ৰ চোৰাং খড়্গ উদ্ধাৰ কৰাৰ লগতে খড়্গটো সৰবৰাহত জড়িত থকাৰ অভিযােগত এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷
এই সন্দৰ্ভত আৰক্ষী সূত্রে লাভ কৰা তথ্য অনুসৰি বুধবাৰে বিয়লি প্রায় দুই বজাত এক গােপন সূত্রৰ পম খেদি বােকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, কার্বি আংলং জিলা আৰক্ষীৰ উপ অধীক্ষক নাহিদ কৰিশ্মা, বৰপথাৰৰ চক্র বিষয়া ভূপেন কলিতা, ডিলাই থানাৰ ভাৰপ্রাপ্ত বিষয়া ৰাজু বাহাদুৰ ছেত্রী আৰু মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অঞ্চলটোত এক অভিযান চলায় ৷

উক্ত অভিযানতে আৰক্ষীৰ দলটোৱে 390 গ্রাম ওজনৰ এটা গঁড়ৰ খড়্গ উদ্ধাৰ কৰাৰ লগতে খড়গটো সৰবৰাহ কৰাৰ অভিযােগত নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তর্গত তিনিচুকীয়া গাঁৱৰ আৰিফ জাকাৰিয়া (27) নামৰ এগৰাকী যুৱকক আটক কৰে । প্রাথমিক তদন্তৰ ভিত্তিত খড়্গটো ডিমাপুৰত বিক্রীৰ বাবে আনি থকা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।
লগতে পঢ়ক:ডিফুত ৰহস্যজনভাৱে যুৱকৰ মৃত্যু !