ETV Bharat / state

Assam Meghalaya border issue: অসম-মেঘালয় সীমান্তৰ অসমবাসীক নিৰাপত্তা প্ৰদানৰ দাবী - Protest in Diphu

অসম মেঘালয় সীমান্তৰ অসমবাসীক নিৰাপত্তা প্ৰদানৰ দাবীত ডিফুত কাৰ্বি ছাত্ৰ সন্থাৰ ধৰ্ণা (Assam-Meghalaya border demands security) । বিগত চাৰিদিন ধৰি সীমান্তত চলাই থকা খাছি দুৰ্বৃত্তৰ তাণ্ডৱ প্ৰতিৰোধ কৰাৰ লগতে সীমান্তত বাস কৰা অসমবাসীক নিৰাপত্তা প্ৰদানৰ দাবীত সোমবাৰে কাৰ্বি ছাত্ৰ সন্থাই ডিফুস্তিত কেন্দ্ৰীয় কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

Assam Meghalaya border demands security
অসম মেঘালয় সীমান্তৰ অসমবাসীক নিৰাপত্তা প্ৰদানৰ দাবী
author img

By

Published : May 15, 2023, 10:05 PM IST

কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ডিফু,১৫ মে': বিগত ১৭ এপ্ৰিলৰ পৰা অসম-মেঘালয় সীমান্তত খাছি দুৰ্বৃত্তই পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰলৈ সোমাই আহি অসমবাসীক অত্যাচাৰ কৰাৰ লগতে বিগত চাৰিদিন ধৰি সীমান্তত চলাই থকা খাছি দুৰ্বৃত্তৰ তাণ্ডৱ প্ৰতিৰোধ কৰাৰ লগতে সীমান্তত বাস কৰা অসমবাসীক নিৰাপত্তা প্ৰদানৰ দাবীত সোমবাৰে কাৰ্বি ছাত্ৰ সন্থাই ডিফুস্তিত কেন্দ্ৰীয় কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (Protest in Diphu) ।

সংবাদ মাধ্যমৰ আগত ছাত্ৰ সংগঠনটোৰ নেতাসকলে কয় যে, মেঘালয় চৰকাৰৰ প্ৰৰোচনাত অসমৰ ভিতৰলৈ সোমাই আহি সীমান্তৰ অসমবাসীক আক্ৰমণ কৰা ঘটনাৰ আমি তীব্ৰ নিন্দা কৰিছো । কাৰ্বি মানুহৰ সম্পত্তি, অসমৰ সম্পত্তি তেওঁলোকে ধ্বংস কৰিছে । ইমানতে ক্ষান্ত নোহোৱা খাছি দুৰ্বৃত্তই সীমান্তৰ অসমবাসীক আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰা বুলিও সংগঠনটোৰ উল্লেখ কৰে (Assam-Meghalaya border demands security) ।

খাছি দুৰ্বৃত্তৰ এনে আক্ৰমণৰ ফলত সীমান্তত বাস কৰা অসমবাসীয়ে এতিয়া তীব্ৰ নিৰাপত্তাহীনতাত ভোগা বুলিও সংগঠনটোৱে দাবী কৰে । সংগঠনটোৱে অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদক এই সমস্যা শীঘ্ৰে সমধা কৰিবলৈ দাবী জনোৱা লগতে সীমান্তৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী তোলে (Assam-Meghalaya border issue) ।

ইয়াৰ লগতে সংগঠনটোৱে অসম চৰকাৰে সীমা বিবাদ নিষ্পত্তিৰ বাবে চুবুৰীয়া ৰাজ্যৰ সৈতে কৰা 'গীভ এণ্ড টেক' নীতি পশ্চিম কাৰ্বি আংলঙৰ ক্ষেত্ৰত মেঘালয়, নাগালেণ্ড আগ্ৰাসন চলাই অসমৰ ভূমি শংকুচিত কৰি আহিছে । এইবোৰ শীঘ্ৰে বন্ধ হ'ব লাগে বুলিও সংগঠনটোৱে দাবী উত্থাপন কৰে ।

এনেদৰে বহিঃ ৰাজ্যৰ আগ্ৰাসন চলি থাকিলে অসমৰ ভূমি ক্ৰমাৎ কমি আহিব বুলিও সংগঠনটোৱে সকীয়নি প্ৰদান কৰে । ইপিনে সংগঠনটোৰ সভাপতি থানছিং তিমুঙে অসম চৰকাৰে সীমান্ত সুৰক্ষা দিব নোৱৰাটো সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি দাবী কৰি আমি অসমৰ পৰা পৃথক হৈ আমাৰ জনতাক নিৰাপত্তা প্ৰদান কৰাটোৱেই শ্ৰেয় বুলি দাবী কৰে ।

লগতে পঢ়ক: Guwahati Doctor Couple case : শিশু বিক্ৰীৰ লগত মহানগৰীৰ একাংশ IVF চিকিৎসক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.