ডিফু, ২৮ অক্টোবৰ : ডবকা-ডিমাপুৰ সংযোগী পথৰ দুয়োকাষে চলোৱা উচ্ছেদৰ বিৰুদ্ধে বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কাৰ্বি আংলং জিলাৰ পাৰখোৱাৰ এলেকাৰ স্থানীয় লোকে ৷ ডবকা-ডিমাপুৰ সংযোগী চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণৰ কাম সম্প্ৰতি যুদ্ধকালীন তৎপৰতাৰে আগবঢ়াই নিয়াৰ বিপৰীতে পথছোৱা নির্মাণৰ নামত স্থানীয় কর্তৃপক্ষৰ কেতবোৰ কর্মকাণ্ডই স্থানীয় লোকসকলৰ মাজত এতিয়া তীব্ৰ ক্ষোভৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ।
এই পথছোৱা সম্প্ৰসাৰণৰ বাবে বুধবাৰে পুৱাৰে পৰা কাৰ্বি আংলং জিলাৰ ডকমকা, ডেনগাঁও, পাৰখোৱা আদি অঞ্চলত প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ অভিযান চলোৱা হয় । এই উচ্ছেদ অভিযানৰ নামত সংশ্লিষ্ট কর্তৃপক্ষই অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ তুলি বৃহস্পতিবাৰে স্থানীয় লোকসকল ক্ষুদ্ধ হৈ পৰে । নিৰাপত্তা বাহিনীৰ এক বৃহৎ দল লগত লৈ চলোৱা এই উচ্ছেদ অভিযানৰ সময়ত বুধবাৰে সন্ধিয়া পাৰখোৱা এলেকাত স্থানীয় লোকৰ সৈতে উচ্ছেদকাৰী দলৰ মাজত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয় ।
ইয়াৰ পিছতে উচ্ছেদ অভিযান চলোৱাৰ ক্ষেত্ৰত সংশ্লিষ্ট কর্তৃপক্ষই অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উৎত্থাপন কৰি বৃহস্পতিবাৰে পাৰখোৱা বজাৰৰ উচ্ছেদিত এলেকাত স্থানীয় লোক একত্ৰিত হৈ ব্যাপক প্ৰতিবাদী কার্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন শ্ল’গান সম্বলিত প্লে'কার্ড প্ৰদর্শন কৰি ক্ষুব্ধ লোকসকলৰ উচ্ছেদৰ পূৰ্বে উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবীত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
প্ৰতিবাদকাৰীসকলে এইক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমিকাক লৈও ক্ষুব্ধ হৈ পৰে ৷ প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি ২৬ অক্টোবৰত পাৰখোৱা এলেকাৰ পথৰ এটা ফালৰ লোকসকলৰ নাম ৩ (ডি) তালিকাত প্ৰকাশ পাইছিল । যথেষ্ট ক্রূটিপূর্ণ এই তালিকাত একাংশ লোকৰ নাম অন্তর্ভুক্ত নোহোৱাৰ বিপৰীতে আন একাংশৰ নাম তথ্য আদি ভুলকৈ প্ৰকাশ পায় । এই ভুলসমুহৰ শুধৰণিৰ বাবে হিতাধিকাৰীসকলক সময় দিয়াৰ প্ৰয়োজন আছিল যদিও তালিকা প্ৰকাশ পোৱাৰ পিছদিনাই এইসকল লোকক বলপূৰ্বকভাৱে উচ্ছেদ কৰা হৈছে ।
লগতে পঢ়ক : আমবাগানত দুটা ফৈদৰ মাজত ভূমি কেন্দ্ৰিক তয়াময়া ৰণ
ইফালে, ৩ (ডি) তালিকাত নাম প্ৰকাশ পোৱাসকলৰ ভূমিতহে উচ্ছেদ চলোৱা হ’ব বুলি পূৰ্বে জনোৱা হৈছিল যদিও বুধবাৰে উচ্ছেদ অভিযানৰ সময়ত এই তালিকাত নাম প্ৰকাশ নোহোৱা তথা পথৰ দুয়োটা ফালেই সমানে উচ্ছেদ অভিযান চলোৱা হয় । উচ্ছেদ হ’বলগীয়া এলেকাত থকা জেওৰা আদি লাম-লাকটু আঁতৰ কৰাৰ বাবে স্থানীয় লোকসকলক সামান্য সময়ো নিদিলে বুলি আজি প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে । আনহাতে, চাৰিলেনযুক্ত পথ নির্মাণৰ বাবে ভূমি অধিগ্ৰহণ কৰাৰ পূৰ্বে হিতাধিকাৰীসকলে ইয়াৰ উপযুক্ত ক্ষতিপূৰণ লাভ কৰিব লাগিছিল যদিও কোনো ক্ষতিপূৰণ প্ৰদান নকৰাকে এইদৰে উচ্ছেদ অভিযান চলোৱা ঘটনাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক ।
ভূমি অধিগ্ৰহণৰ নামত জালিয়াতিৰ আশ্ৰয় লোৱাৰো অভিযোগ কৰিছে স্থানীয় ৰাইজে । অন্য জিলাৰ তুলনাত কাৰ্বি আংলং জিলাত হিতাধিকাৰীসকলে লাভ কৰা ক্ষতিপূৰণৰ ধনৰ পৰিমাণ নিতান্তই কম বুলি ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদকাৰীসকলে কয় যে, দাঁতিকাষৰীয়া হোজাই জিলাৰ হিতাধিকাৰীসকলে ক্ষতিপূৰণ হিচাপে কাৰ্বি আংলং জিলাৰ তুলনাত দু্গুণ পৰিমাণ ধন লাভ কৰি আহিছে । সেয়েহে, কাৰ্বি আংলং জিলাৰ হিতাধিকাৰীসকলকো অন্য জিলাৰ সমাণে ক্ষতিপূৰণ প্ৰদানৰ বাবে দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক : লাহোৱাল খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও আটছাৰ