ETV Bharat / state

Separate Autonomous State Demand : স্বায়ত্তশাসিত ৰাজ্যৰ দাবীৰে বৃহস্পতিবাৰে দিল্লীলৈ কেইবাটাও কাৰ্বি সংগঠন - Separate Autonomous State Demand at Diphu

স্বায়ত্তশাসিত ৰাজ্যৰ দাবীৰে বৃহস্পতিবাৰে দিল্লীলৈ যাব 'কাধাচধিকম' আৰু কেএছএকে ধৰি কেইবাটাও দল সংগঠন ৷ এই কাৰ্যসূচী সন্দৰ্ভত এপিএইছএলচি নেতা খৰছিং তিমুঙৰ মন্তব্যক গৰিহণা জনায় কেএছএয়ে সম্বোধন কৰে সংবাদ মেলৰ (KSA Separate Autonomous State Demand) ৷

Separate Autonomous State Demand
স্বায়ত্ব শাসিত ৰাজ্যৰ দাবী
author img

By

Published : Mar 22, 2023, 8:21 PM IST

স্বায়ত্ব শাসিত ৰাজ্যৰ দাবী

ডিফু, 22 মাৰ্চ: অহা 23 মাৰ্চৰ দিনা ভাৰতীয় সংবিধান প্ৰদত্ত অনুচ্ছেদ ২৪৪ (ক) অনুসৰি এখন স্বায়ত্তশাসিত ৰাজ্যৰ দাবীলৈ 'কাধাচডিকম', কেএছএকে ধৰি আন কেইবাটাও দল-সংগঠনে দিল্লীলৈ যাব ধৰ্ণা কাৰ্যসূচীৰ বাবে ৷ এই কাৰ্যক সামাজিক মাধ্যমত পিকনিক খাবলৈ আৰু ফটো উঠিবলৈ যোৱা বুলি এপিএইছএলচি নেতা খৰছিং তিমুঙে কৰা মন্তব্যত জাঙুৰ খাই উঠিছে কাৰ ছাত্ৰ সন্থা চমুকৈ কেএছএৰ (ইংলংফ') গোটৰ সভাপতি থানছিং তিমুং ৷ আজি ডিফুৰ ৰংথিয়াংস্থিত কেএছএৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সভা কক্ষত এক সংবাদমেল আয়োজন কৰি এপিইএইছএলচি দলৰ নেতা খৰছিং তিমুঙৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কেএছএই (KSA Separate Autonomous State Demand) ৷

সংবাদ মাধ্যমৰ আগত কেএছএৰ সভাপতি থানছিং তিমুঙে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এপিইছএলচি দলৰ কেন্দ্ৰীয় নেতা খৰছিং তিমুঙে একো নভবা নিচিন্তাকৈ কাধাচডিকম আৰু কেএছএক আৰ এছএছ আৰু বিজেপিৰ এজেণ্ট আখ্যা দিয়া কাৰ্যক গৰিহণা দিয়ে ৷ কাধাচডিকমৰ নেতৃত্বত অহা ২৩ মাৰ্চত দিল্লীত অনুষ্ঠিত হ’বলগীয়া ধৰ্ণা কাৰ্যসূচীক উপলুঙা কৰি কাধাচডিকম আৰু কেএছএই পিকনিক খাবলৈ আৰু ফটো তুলিবলৈ যোৱা বুলি কৰা মন্তব্যক চৰম বিভাজনকামী মন্তব্য আখ্যা দিয়ে কেএছএ সভাপতি গৰাকীয়ে ৷

এনে নেতিবাচক মন্তব্যই কাৰ্বিসকলৰ মাজত সংঘাতৰ সৃষ্টি কৰিব বুলি আশংকা কৰি তাৰ পৰা সৃষ্টি হোৱা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে এপিএইছএলচি নেতা খৰচিং তিমুঙেই জগৰীয়া হ’ব বুলি স্পষ্ট কৰি দিয়ে (Press conference on Separate Autonomous State Demand) ৷

লগতে পঢ়ক : Jal Jeevan mission: তিনিচুকীয়াত জল জীৱন আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

তিনি পাৰ্বত্য জিলাৰ সংবিধান প্ৰদত্ত দাবীৰ সমৰ্থনত কাধাচডিকমকে ধৰি কেএছএই বহু আন্দোলন কৰাৰ লগতে বহু সতীৰ্থকো হেৰুৱাইছে বুলি কয় সভাপতি থানচিং তিমুঙে ৷ স্বায়ত্তশাসিত ৰাজ্যৰ আন্দোলনৰ বাবে বহুবাৰ পুলিচৰ নিৰ্যাতনৰ বলি হোৱাৰ লগতে ২০১৩ চনত পুলিচৰ হাতত কেএছএকে ধৰি বিভিন্ন সংগঠনৰ নেতা গ্ৰেপ্তাৰ হোৱা বুলিও কয় তিমুঙে ৷

১৯৮৬ চনৰ পৰিৱেশৰ পুনৰাবৃত্তি নকৰি গঠনমূলক দিহা-পৰামৰ্শৰে ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰি স্বায়ত্তশাসিত ৰাজ্য পোৱাৰ বাবে এপিএইছএলচি দল যত্নপৰ হ’ব লাগে বুলি উল্লেখ কৰে ৷ লগতে নেতিবাচক মন্তব্যৰে সমাজক বিভ্ৰান্ত কৰাৰ লগতে বিভাজনমুখী নকৰিবলৈ আহ্বান জনায় কেএছএৰ নেতাগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.