ডিফু, ৫ আগষ্ট : ডিফুত আৰক্ষীৰ অতপালি ৷ অট’ চালকৰ লগত হোৱা তৰ্কযুদ্ধৰ বাবেই শূণ্যলৈ গুলীচালনা আৰক্ষীৰ ৷ সুৰাসক্ত অৱস্থাত থকা বুলি সন্দেহ কৰা এজন আৰক্ষীয়ে সংঘটিত কৰে এই কাণ্ড ৷
আৰক্ষী আৰু অট’ চালকৰ মাজত হোৱা তৰ্কযুদ্ধৰ পিছত ডিফু নগৰৰ ১ নং পুলিচ পইন্টত আৰক্ষীৰ শূন্যলৈ গুলী চালনা ৷ ন’ এণ্ট্ৰিত সোমাবলৈ লোৱা অ‘টক বাধা দিয়াত এগৰাকী অ’ট চালকৰ লগত তৰ্কাতৰ্কি হয় পুলক শৰ্মা নামৰ আৰক্ষীজনৰ ৷ অ’ট চালকৰ ভাষ্য অনুসৰি ৮ বজাৰ পিছত ন’ এণ্ট্ৰি আতঁৰোৱাত তেওঁ অঞ্চলটোত অ’ট লৈ সোমাব লওঁতে আৰক্ষীয়ে বাধা দিয়ে আৰু তৰ্কাতৰ্কিৰ সুত্ৰপাত হয় ৷ আনহাতে আৰক্ষীৰ ভাষ্য অনুসৰি ১৫ আগষ্ট আহি থকাৰ বাবে আইন-শৃংখলাৰ হেতু তেওঁলোকে পেট্ৰলিং কৰি কিছু গাড়ী তালাচী কৰিবলৈ লওঁতেই ঘটনাটো সংঘটিত হয় ৷
ইয়াৰ পিছতে আৰক্ষী গৰাকীৰ লগত অ’ট চালকৰ তৰ্কাতৰ্কিত বহু লোকৰ সমাগম হোৱাত আৰক্ষীগৰাকীয়ে কোনো কথা নোকোৱাকৈ ৰাজপথত শূণ্যলৈ টোঁৱাই দুজাঁই গুলী ফুটাই আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে ৷ আৰক্ষীগৰাকীৰ এই উদণ্ড ব্যৱহাৰৰ ভিডিঅ’ কৰা সাংবাদিককো তেওঁ ভাবুকি দিয়াৰ অভিযোগ তুলিছে একাংশ সাংবাদিকে ৷
মানুহৰ ভিৰ বাঢ়ি যোৱাৰ পিছতে ডিফু থানাৰ উচ্চপদস্থ বিষয়াই গৈ গুলী ফুটুৱা আৰক্ষী পুলক শৰ্মাক তাৰ পৰা থানালৈ ধৰি আনে ৷ আৰক্ষী বিষয়া সকলে বিষয়টো গুৰুত্ব সহকাৰে লৈ ঘটনাটোৰ তদন্ত কৰিব বুলি ৰাইজক কয় ৷ গুলী চালনা কৰা আৰক্ষীগৰাকীয়ে ডিফুত সন্ত্ৰাসবাদী আছে বুলি কোৱাৰ লগতে আইন-শৃংখলাৰ বাবেই গুলী ফুটুৱা বুলি দাবী কৰি এই কথা মামাক জনালেও জনাই দিয়ক বুলিও দম্ভালি মৰা মন্তব্য কৰে ৷
লগতে পঢ়ক : Bajrang Dal arms taining: বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণৰ সৈতে জড়িত সকলোকে গ্ৰেপ্তাৰৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ