নিউজ ডেস্ক, 10 ডিচেম্বৰ : ছয়গাঁৱৰ দুধৰ্ষ ড্ৰাগছ ব্যৱসায়ী জামাল আলীক বৃহস্পতিবাৰে কৰায়ত্ব কৰিলে আৰক্ষীয়ে (Police nabbed drug mafia at Chhaygaon) ৷ এক গোপন সূত্ৰৰ আধাৰত ছয়গাঁও আৰক্ষী চকীয়ে চলোৱা এক অভিযানত বৃহস্পতিবাৰৰ সন্ধিয়া জামাল আলীক আটক কৰিবলৈ সক্ষম হয় ৷ ছয়গাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি ড্ৰাগছ ব্যৱসায়ী জামাল আলীয়ে জাহিজপুৰত মথাউৰিৰ দাঁতিত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায় ৷ ব্যৱসায়ীটোৰ পৰা আৰক্ষী দলটোৱে 10 টা ড্ৰাগছ ভৰ্তি টেমা জব্দ কৰে ৷ অঞ্চলটোত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই নিছিল বুলি অভিযোগ আছে জামাল আলীৰ বিৰুদ্ধে ৷
![illegal drugs](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13866306_a.jpg)
ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ব কৰাৰ ক্ষেত্ৰত বৃহৎ সফলতা ধুবুৰী আৰক্ষীৰ ৷ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলন চলাই নিয়া জাকিৰ আলী হুছেইনক আৰক্ষীয়ে বৃহস্পতিবাৰে কৰায়ত্ব কৰে ৷ কেইবাটাও অঞ্চলত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় (illegal drugs smuggling in dhubri) চলাই গৈছিল জাকিৰ আলী হুছেইনে ৷ বিভিন্ন অভিযোগৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ দল এটাই জাকিৰ আলী হুছেইনৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে ৷ বৰ্তমান আৰক্ষীয়ে ব্যৱসায়ীটোক নিজৰ জিম্মাত ৰাখি অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷
অনুৰূপ ঘটনা সংঘটিত হ’ল কাৰ্বি আংলং জিলাৰ লাহৰীজানতো ৷ শুকুৰবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে প্ৰায় চাৰি লক্ষাধিক টকাৰ নিষিদ্ধ হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এক নিৰ্দিষ্ট খবৰৰ ভিত্তিত বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু বোকাজান থানাৰ অ'চি মৌবলিক ব্ৰহ্ম, উপপৰিদৰ্শক মৃদুল ৰুদ্ৰ পাল আৰু নিতুল শইকীয়াই বোকাজান চি আৰ পি এফ কেম্পৰ লগতে বোকাজান এ পি আৰ জি কেম্পৰ সহযোগত খটখটী থানাৰ অন্তৰ্গত লাহৰীজানত এক অভিযান চলাই 13 টা চাবোনৰ বাকচত 164 গ্ৰাম ওজনৰ প্ৰায় চাৰি লক্ষ্যাধিক টকাৰ নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে (heroin seized at lahorijan) ৷ সাধু ওঝা নামৰ লোক এজনক নিষিদ্ধ হেৰ’ইনখিনিৰ সৈতে আটক কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : Ganja Seized at Tamulpur : তামুলপুৰ আৰক্ষীৰ জালত তিনি গাঞ্জা সৰবৰাহকাৰী