ডিফু, ৯ ফেব্রুৱাৰী: চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্রত চৰকাৰে সম্পূর্ণ নিকা নীতি গ্রহণ কৰা বুলি বিভিন্ন সভা-সমিতিত ঘােষণা কৰাৰ সময়তে কেন্দ্রীয় চৰকাৰৰ এখন অভিলাষী ‘আঁচনি প্রধানমন্ত্রী আবাস যােজনা(গ্রামীণ)’ৰ ৰূপায়ণৰ ক্ষেত্রত কাৰ্বি-আংলং জিলাত ব্যাপক দুর্নীতি সংঘটিত হােৱাৰ গুৰুতৰ অভিযােগ উত্থাপিত হৈছে । মঙলবাৰে কার্বি-আংলং জিলাৰ ডিফুস্থিত জিলা প্রেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি আঁচনিখনৰ ৰূপয়াণৰ নামত অনিয়ম সংঘটিত হােৱাৰ অভিযােগ উত্থাপন কৰিছে জিলাখনৰ অন্যতম ছাত্র সংগঠন সন্মিলিত কার্বি-আংলং জিলা ছাত্র পৰিষদ ওৰফে 'উছুকা'ই ।
প্রধানমন্ত্রী আৱাস যােজনাৰ গৃহসমূহৰ নিৰ্মাণৰ কাম সম্পূর্ণ নকৰাকৈয়ে আবণ্টিত সমস্ত ধন মােকলাই নিয়া হৈছে বুলি অভিযােগ উত্থাপন কৰে সংগঠনটোৱে । তেওঁলোকে কয় যে, কিছুমান ঘৰত টিনপাত নলগােৱাকৈ ৰখা হৈছে, আন কিছুমানত বেৰৰ প্লাষ্টাৰ কৰা হোৱা নাই । কিছুমান ঘৰত বাঁহৰ বেৰৰ ওপৰতে চিমেন্টৰ প্ৰলেপ দি নিম্নমানৰ কাম কৰা হৈছে বুলি অভিযোগ তুলিছে । ছাত্র সংগঠনটোৰ সভাপতি আৰু সম্পাদক ক্রমে বিবিচন টেৰণ আৰু জিন্টু হাজৰিকাই এই দুর্নীতিৰ সৈতে খণ্ড উন্নয়ন বিষয়া, কনিষ্ঠ অভিযন্তা, গ্রামসেৱক-গ্রামসেৱিকাৰ লগতে শাসকীয় বিজেপি দলৰ একাংশ নেতা-পালিনেতাও জড়িত থকাৰ অভিযােগ উত্থাপন কৰে ।
এই সন্দর্ভত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ বিভাগীয় কার্যবাহী সদস্য মাধুৰ্য ঢেকীয়াল ফুকনক সাক্ষাৎ কৰি সংগঠনটোৱে এখন স্মাৰক পত্র প্রদান কৰিছিল আৰু সেই সময়ত কার্যবাহী সদস্যগৰাকীয়ে ইয়াৰ বিৰুদ্ধে তদন্তৰ নির্দেশ দিয়া হ'ব বুলি আশ্বাস প্রদান কৰিছিল । কিন্তু সকলো ফোটোকাৰ ফেন হ'ল । সেয়েহে, কার্যবাহী সদস্যগৰাকীৰ পৃষ্ঠপােষকতাতে এনে দুর্নীতি সংঘটিত হােবা বুলিও সংগঠনটোৱে সন্দেহ প্রকাশ কৰিছে । জিলাখনৰ চামেলাংছ উন্নয়ন খণ্ডৰ নিজা কার্যালয় থকাৰ পিছতাে ডকমকা নগৰৰ ছুপাৰ মার্কেটত এটা কোঠাৰ পৰাহে কার্যালয়টোৰ কাম-কাজ কিয় পৰিচালনা কৰা হয় বুলিও প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৰ নেতৃত্বই ।
'উছুকা'ৰ সাধাৰণ সম্পাদক জিন্টু হাজৰিকাই এই সন্দর্ভত কয় যে, জিলাখনত চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা সুবিধাসমূহ দৰিদ্র আৰু পিছপৰা শ্রেণীৰ লােকে লাভ কৰাৰ পৰা বঞ্চিত হৈছে । এই দুৰ্নীতিৰ বিষয়ে অৱগত হোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে কার্বি-আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙকো সমালোচনা কৰে সংগঠনটোৱে ।
লগতে পঢ়ক:বিশেষভাৱে সক্ষম লোকৰ মাজত ট্ৰাই চাইকেল বিতৰণ