ডিফু, ১৬ মাৰ্চ: বুধবাৰে বিয়লি এখন বাছৰ পৰা পিষ্টল উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে ৷ ঘটনাটো সংঘটিত হয় অসম-নাগালেণ্ড সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ খটখটীত ৷ আৰক্ষীৰ তালাচীৰ সময়তে উদ্ধাৰ হয় পিষ্টল দুটা (Pistol rescued in Karbi Anglong)৷
খবৰ অনুসৰি বুধবাৰে বিয়লি খটখটী আৰক্ষীয়ে সপ্তম অসম ৰাইফল আৰু ডিমাপুৰৰ পঞ্চম অসম ৰাইফলৰ সহযোগত খটখটী থানা এলেকাত তালাচী চলায় ৷ খটখটীৰ এছবিআই বেংকৰ ওচৰত চলোৱা নাকা তালাচীৰ সময়তে উদ্ধাৰ হয় পিষ্টল দুটা ৷ এন এল 07 বি 0385 পঞ্জীয়ন নম্বৰৰ এখন যাত্ৰীবাহী বাছত তালাচী চলোৱাৰ সময়তে এটা কাঠৰ আপেলৰ বাকচৰ ভিতৰত থকা এটা ক'লা বেগ পত্যক্ষ কৰে আৰক্ষীয়ে ৷ বেগটো সন্দেহজনক হোৱাত আৰক্ষীয়ে ভালদৰে চোৱাত বেগটোৰ পৰা .32 এম এমৰ দুটা পিষ্টল, দুটা মেগজিনৰ লগতে দুইজোৰা ৱাকিটকি চেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, যাত্ৰীবাহী বাছখনৰ গন্তব্য স্থান আছিল নাগালেণ্ডৰ মন জিলা ৷ এই সময়লৈকে পিষ্টল সৰবৰাহৰ লগত জড়িত কোনো ব্যক্তিক আটক কৰিব পৰা নাই আৰক্ষীয়ে ৷
লগতে পঢ়ক: Web portal accused of extortion: নলবাৰীৰ এটা ৱেব পৰ্টেলৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ