ETV Bharat / state

কাৰ্বি আংলঙত ৩২গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী ইভিএমত

কাৰ্বি আংলং জিলাৰ ক্ৰমে ১৭নং বোকাজান, ১৮নং হাওৰাঘাট, ১৯নং ডিফু আৰু ২০নং বৈঠালাংছ সমষ্টিত শান্তিপূৰ্ণ ভাৱে বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন ৷ কাৰ্বি আংলঙত ৩২গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী ইভিএমত ৷

কাৰ্বি আংলঙত ৩২গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী ইভিএমত
কাৰ্বি আংলঙত ৩২গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী ইভিএমত
author img

By

Published : Apr 2, 2021, 7:32 AM IST

ডিফু, 2এপ্ৰিল: বৃহস্পতিবাৰে ৰাজ্যৰ 39টা সমষ্টিত অনুষ্ঠিত হৈ যায় অসম বিধান সভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বহু কেইটা সমষ্টিত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় যদিও কাৰ্বি আংলং জিলাৰ সমষ্টি কেইটা শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হৈ যায় ভোটদান প্ৰক্ৰিয়া ৷ উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ ক্ৰমে ১৭নং বোকাজান, ১৮নং হাওৰাঘাট, ১৯নং ডিফু আৰু ২০নং বৈঠালাংছ সমষ্টিত শান্তিপূৰ্ণ ভাৱে বৃহস্পতিবাৰে সম্পন্ন হয় ভোটদান প্ৰক্ৰিয়া ৷

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত কাৰ্বি আংলং জিলাৰ চাৰিওটা অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত বিধান সভা সমষ্টিত বিভিন্ন দলৰ ৩২গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হয় ইভিএমত ৷ ৬লাখ ৯২ হাজাৰ ৭৩২গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থী কেইগৰাকীৰ ভাগ্য ৷

কাৰ্বি আংলঙত ৩২গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী ইভিএমত

উল্লেখ্য যে, বিগত দুদিন ধৰি অব্যাহত থকা প্ৰতিকুল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভোট গ্ৰহণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মাৰ আশংকা কৰা হৈছিল যদিও বৃহস্পতিবাৰে পুৱাৰে পৰা বতৰ ফৰকাল হোৱাৰ লগতে পুৱাৰে পৰা জিলা কেইখনৰ ভোট কেন্দ্ৰ সমূহত ব্যাপক হাৰত ভোটাৰে ভিৰ কৰা পৰিলক্ষিত হয় ৷ অৱশ্যে, ইভিএমৰ বিসংগতিৰ বাবে ঠায়ে ঠায়ে ভোট গ্ৰহণ প্ৰক্ৰিয়াত কিছু পলম হোৱাও পৰিলক্ষিত হয় ৷

ইভিএমৰ বিসংগতিৰ প্ৰসংগক কেন্দ্ৰ কৰি বকলীয়াঘাটৰ এটা ভোট কেন্দ্ৰত সামান্য পৰিমাণে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰো সৃষ্টি হয় ৷ প্ৰাপ্ত তথ্য, অনুসৰি হাতীপোৰা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত পুৱাৰ ভাগত ১৭১টা ভোটদান সম্পন্ন হোৱাৰ পিছতে ইভিএমৰ বিসংগতিয়ে দেখা দিয়াৰ পাচতে কেন্দ্ৰটোত এটা নতুন ইভিএমৰ মেচিন আনি ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লোৱাৰ লগে লগে ভোট কেন্দ্ৰটোত থকা বিভিন্ন দলৰ কৰ্মী-সমৰ্থক সকলে ইয়াৰ বিৰোধিতা কৰাও পৰিলক্ষিত হয় ৷

ইফালে পাহাৰীয়া জিলাখনত উপস্থিত হৈ আইন শৃংখলাৰ পৰিস্থিতিৰ বুজ লয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ পুৱাৰ ভাগত অসম আৰক্ষীৰ শীৰ্ষতম বিষয়া গৰাকীয়ে ডেনগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত থকা চাৰিটা ভোটকেন্দ্ৰ পৰিদৰ্শণ কৰি কেন্দ্ৰটোত থকা কৰ্তব্যৰত আশাকৰ্মী, গৃহৰক্ষী বাহিনীৰ জোৱান আৰু আৰক্ষীৰ লোক সকলৰ সৈতে মত-বিনিময় কৰে ৷ ইয়াৰ পিছত আৰক্ষীৰ শীৰ্ষতম বিষয়া গৰাকীয়ে অত্যন্ত ভিতৰুৱা এলেকা সমূহত থকা ভোট কেন্দ্ৰ সমূহৰো পৰিস্থিতিৰ বুজ লয় ৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত আৰক্ষী বিষয়া গৰাকীয়ে জিলাখনৰ সকলো প্ৰান্ততে ভোট গ্ৰহণ সুকলমে অনুষ্ঠিত হোৱাৰ বাবে আৰক্ষীয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: ক’ভিড প্ৰট’কল মানি ৰঙিয়াত ভোট গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.