ETV Bharat / state

বোকাজান আৰক্ষীৰ জালত পিডিচিকেৰ লিংকমেন - PDCK LINKMAN DETAINED

বোকাজানত সৰিয়হজান চাৰিআলিত পিডিচিকেৰ লিংকমেন আটক। ধৃত লিংকমেনটোৰ নাম ৰাজেশ ইংহি। ধন দাবী কৰিবলৈ আহি আৰক্ষীৰ জালত পিডিচিকেৰ লিংকমেনটো।

বোকাজান আৰক্ষীৰ জালত পিডিচিকেৰ লিংকমেন
বোকাজান আৰক্ষীৰ জালত পিডিচিকেৰ লিংকমেন
author img

By

Published : Aug 20, 2020, 3:53 PM IST

ডিফু, ২০আগষ্টঃ বোকাজানত ধন দাবী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল পিডিচিকেৰ লিংকমেন । বোকাজানত সৰিয়হজান চাৰিআলিৰ পৰা লিংকমেনটোৱে দাবী কৰা ধন নিবলৈ আহিছিল । ধৃত লিংকমেনটো ডিফুৰ ডিচামা ডক ৰংহাং গাঁৱৰ ৰাজেশ ইংহি । যোৱা জুলাই মাহৰ পৰা পিডিচিকেৰ সৈতে ম'বাইল ফোনযোগে যোগাযোগ কৰি আছিল ৰাজেশ ইংহিয়ে৷ বুধবাৰে দাবী কৰা ধন নিবলৈ আহোতেই বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰক্ষীয়ে লিংকমেনটোক আটক কৰে। ধৃত ৰাজেশ ইংহি ডিফু থানাত ৰুজু হোৱা কেইবাটাও গোচৰৰ সৈতে জড়িত বুলি আৰক্ষী প্ৰকাশ কৰিছে । সম্প্ৰতি পিডিচিকেৰ লিংকমেন ৰাজেশ ইংহিৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.