ডিফু, ১৪ জানুৱাৰী: কাৰ্বি আংলং জিলাৰ ডকমকাত মঙলবাৰে অস্ত্ৰ-শস্ত্ৰসহ আটক এজন দূৰ্ধৰ্ষ পিডিচিকেৰ কেডাৰ ৷ জিলাখনৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত প্ৰাপ্ত তথ্য অনুসৰি,সোমবাৰ আৰু মঙলবাৰে কাৰ্বি আৰক্ষীৰ এটা অভিযানকাৰী দলে চলোৱা অভিযানত আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হয় উগ্ৰপন্থী সদস্যজনৰ লগতে আৰক্ষীয়ে উৎখাত কৰে এটা উগ্ৰপন্থীৰ শিবিৰ ৷
অভিযানকাৰী দলটোৱে মঙলবাৰে পুৱা ৫-৩০ মান বজাত প্ৰথমে ডকমকা থানা এলেকাৰ দুই কিলোমিটাৰ নিলগৰ চমপ্লাৰ গাঁৱৰ ঘন অৰণ্যত উগ্ৰপন্থী সংগঠনটোৰ এটা পৰিত্যক্ত শিবিৰ প্ৰত্যক্ষ কৰি শিবিৰটো উৎখাত কৰে ৷ পৰৱৰ্তী সময়ত গাঁওবাসীৰ সহযোগত উগ্ৰপন্থী সংগঠনটোৰ অস্ত্ৰ-শস্ত্ৰসহ এজন কেডাৰ আটক কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক: তেজপুৰত উদযাপন চতুৰ্থ সংখ্যক সশস্ত্ৰ বাহিনী প্ৰাক্তন সৈনিক দিৱস
ধৃত কেডাৰজন ডকমকা থানা এলেকাৰ ভেলুঘাট বিখই বে' গাঁৱৰ ৰাম ৰংহাঙৰ পুত্ৰ ৰুস্তম ৰংহাঙ ওৰফে বিৰলং বে' (১৮)বুলি চিনাক্ত কৰা হৈছে ৷ ধৃত কেডাৰজনৰ পৰা অভিযানকাৰী দলটোৱে এটা AK ৪৭ ৰাইফল, এটা মেগজিন, ৬৬ জাঁই সজীৱ গুলীৰ লগতে পিডিচিকে কেডাৰৰ নিযুক্তিৰ প্ৰমাণ পত্ৰ আৰু AK মেগজিনৰ প'ছ এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷