ডিফু, ১৬ ফেব্রুৱাৰীঃ বিগত কেইবাটাও বছৰ ধৰি কার্বি আংলং জিলাত সশস্ত্র তৎপৰতা অব্যাহত ৰখা সশস্ত্র কার্বি বিদ্রোহী সংগঠন পিপলছ ডেমক্রেটিক কাউন্সিল অব কার্বি লংৰি চমুকৈ পি ডি চি কেই শেহতীয়াকৈ আলােচনাৰ প্রতি আগ্রহ প্রকাশ কৰা বুলি জানিব পৰা গৈছে । সংগঠনটোৰ স্বয়ম্ভু অধ্যক্ষ জে কে লিজাঙে সংবাদ মাধ্যমলৈ প্রেৰণ কৰিছে এক বিবৃতি ৷

অধ্যক্ষ গৰাকীয়ে বিবৃতিত উল্লেখ কৰি কয় যে, কার্বি আংলং আৰু ডিমা হাচাও জিলাত বসবাস কৰি থকা লােকসকলৰ আত্মনিয়ন্ত্রণৰ অধিকাৰ সাব্যস্থ কৰাৰ বাবে সংগঠনটোৱে চলাই অহা সংগ্রামৰ গণতান্ত্রিক তথা শান্তিপূর্ণ আলােচনাৰ মাজেৰে এক সমাধানৰ পথ প্রশস্ত কৰাৰ লক্ষ্যৰে সংগঠনটোৱে একপক্ষীয় ভাৱে যুদ্ধবিৰতিৰ সিদ্ধান্ত ঘােষণা কৰিছে । সংগঠনটোৰ এনে সিদ্ধান্তই দুটা পক্ষৰ মাজত অব্যাহত থকা ৰাজনৈতিক সংঘাতৰ সু-সমাধানৰ বাবে পৰিৱেশ সৃষ্টিৰ ক্ষেত্রত এক গতি প্রদান কৰিব বুলি আশা প্রকাশ কৰে ।
এইক্ষেত্রত ভাৰত চৰকাৰৰ তৰফৰ পৰাও অনুৰূপ সঁহাৰি লাভ কৰিবলৈ সক্ষম হব বুলি বিবৃতিৰ জৰিয়তে পি ডি চি কেৰ স্বয়ম্ভু অধ্যক্ষগৰাকীয়ে আশা প্রকাশ কৰে । সেই অনুসৰি সংগঠনটোৰ ৰেড আর্মী'ৰ সকলাে কমাণ্ডাৰকে ১৭ ফেব্রুৱাৰী অর্থাৎ কাইলৈৰ পৰা সংগঠনটোৰ যিকোনাে সামৰিক কুচকাৱাজ বন্ধ কৰাৰ বাবে অধ্যক্ষগৰাকীয়ে নির্দেশ প্রদান কৰা বুলি বিবৃতিত উল্লেখ কৰা হৈছে ।
পাহাৰীয়া জিলাকেইখনৰ ৰাজনৈতিক সমস্যাক শান্তিপূর্ণ আলােচনাৰ মাজেৰে সমাধান কৰাৰ ক্ষেত্রত দুয়ােখন জিলাৰ সাধাৰণ জনতাৰ পৰাও সহযােগিতা কামনা কৰিছে সংগঠনটোৱে ।
লগতে পঢ়ক: মধ্য প্ৰদেশত শোকাৱহ বাছ দুৰ্ঘটনাঃ 39 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ