ডিফু, 9 মাৰ্চ : অসম-নাগালেণ্ড সীমান্তত AK 47ৰ বৃহৎ সংখ্যক সক্ৰিয় গুলী সহ এজন লোক আটক হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে অসম-নাগালেণ্ড সীমান্তত খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মব্লিক ব্ৰহ্মৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সীমান্তঞ্চল লাহৰিজানত তালাচী চলাই ৩০ জাঁইকৈ সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

লাহৰিজানৰ আব্দুল কাছিম নামৰ লোকজনৰ গেলামাল দোকানৰ পৰা উদ্ধাৰ কৰা এই সক্ৰিয় গুলীখিনি AK 47 ৰাইফলৰ হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

উল্লেখযোগ্য যে, যোৱা কিছুদিনৰ পৰা খটখটী আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতে উক্ত গেলামাল দোকানখনৰ পৰা AK 47 ৰাইফলৰ বৃহৎ পৰিমানৰ সক্ৰিয় গুলীখিনি উদ্ধাৰ হোৱা ঘটনাত বিশেষ তাৎপৰ্য বহন কৰিছে ৷ ধৃত কাছেম আলীক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷