ডিফু, ১৯ মেঃ ৰাজ্যত পুনৰ কোভিড-19 ত আক্ৰান্ত হৈছে এজন যুৱক । যুৱকজন কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ ডিলাইৰ বুলি জানিব পৰা গৈছে । যুৱকজন চেন্নাইত কৰ্মৰত আছিল ৷ চেন্নাইৰ পৰা বিশেষ ৰে'লযোগে ১৬ তাৰিখে গুৱাহাটীত উপস্থিত হৈছিল যুৱকজন ৷ তাৰ পিছতে কাৰ্বি আংলঙৰ জিলা সদৰ ডিফুলৈ অনা হৈছিল তেওঁক ।
![New covid+ case in karbi anglong](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7256730_d.jpg)
ডিফুৰ হোটেল সিংহাসনত কোৱাৰেন্টাইনত ৰখা হৈছিল যুৱকজনক । উল্লেখ্য যে, যুৱকজনৰ সৈতে গুৱাহাটীৰ পৰা ডিফুলৈ একেখন বাছতে আন ৬ জন লোকো আহিছিল বুলি জানিব পৰা গৈছে ৷ তেওঁলোকক বৰ্তমান হোটেল সিংহাসনতেই কোৱাৰেন্টাইনত ৰখা হৈছে । যুৱকজনৰ নাম প্ৰেম তামাং । যুৱকজনক ইতিমধ্যে গুৱাহাটীৰ MMCH ত ভৰ্তি কৰোৱা হৈছে ।
লগতে পঢ়ক- মালিগাঁৱত কৰায়ত্ব কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলাতক যুৱক