ডিফু,27 মাৰ্চ : ডিফু সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ছুম’ ৰংহাঙৰ হৈ শনিবাৰে বকলীয়াঘাটত নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ গৌৰৱ গগৈয়ে ৷ নিৰ্বাচনী ভাষণত ছুম’ ৰংহাঙৰ সমৰ্থনত প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক কঠোৰ সমালোচনা কৰে সাংসদ গগৈয়ে ৷
বকলীয়াঘাটবাসীৰ হৰ্ষোল্লাস দেখি নিৰ্বাচনৰ পূৰ্বেই ৰাইজে ফলাফল নিশ্চিত কৰা বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে ৷ তেওঁ এইবাৰ অসমত কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি দাবী কৰি উক্ত চৰকাৰত ছুম’ ৰংহাঙে এক ভাল স্থান লাভ কবিব বুলিও কয় সাংসদ গৰাকীয়ে । ভাষণ প্ৰসংগত বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদক কঠোৰ ভাষাৰে সমালোচনা কৰি সাংসদ গগৈয়ে জিলাখনত সম্প্ৰতি ছিণ্ডিকেট আৰু ঠিকাদাৰৰ চৰকাৰ চলিছে বুলি অভিযোগ তোলে ৷
25 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰখনে এক লাখ চাকৰিও দিবলৈ সক্ষম নহ’ল বুলি বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে সাংসদ গগৈয়ে ৷ সাংবাদিকৰে হোৱা এক বার্তালাপত শনিবাৰে ভোটদান অনুষ্ঠিত হোৱা উজনি অসমৰ আটাইকেইখন আসনতে কংগ্ৰেছ দলে ভাল ফলাফল পাব বুলি তেওঁ আশা প্ৰকাশ কৰে । আনহাতে, আগন্তুক 1 এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণতো কংগ্ৰেছ দলৰ সমর্থনত ভোটদান কৰিবলৈ ৰাইজক অনুৰোধ জনায় প্ৰাৰ্থী ছুম’ ৰংহাঙে ৷
লগতে পঢ়ক : হাগ্ৰামাক ৰাজনীতিৰ পৰা সন্যাস ল’বলৈ আহ্বান প্ৰমোদ বড়োৰ