ETV Bharat / state

ঘৰত পিতৃ-মাতৃ নথকাৰ সুযোগ লৈ কিশোৰীক বলাৎকাৰ - কিশোৰী

দিন হাজিৰা কৰা পিতৃ-মাতৃ ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি নিশা কিশোৰীগৰাকীৰ ঘৰত কাষতে লাগি থকা এজন যুৱকজনে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলায় ৷

MINOR GIRL RAPED IN KARBI ANGLONG
ডিফুৰ খেৰণিত কিশোৰীক ধৰ্ষণ
author img

By

Published : Apr 15, 2021, 6:28 AM IST

Updated : Apr 15, 2021, 6:45 AM IST

ডিফু, 15 এপ্ৰিল : কাৰ্বি আংলং জিলাৰ খেৰণিত দুই যুৱকে কিশোৰীক ধৰ্ষণ কৰি ভিডিঅ’ ভাইৰেল কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই অঞ্চলটোত পুনৰ আন এগৰাকী ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত ৰিকাংমিহম গাঁৱত মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷

ডিফুৰ খেৰণিত কিশোৰীক ধৰ্ষণ

দিন হাজিৰা কৰা পিতৃ-মাতৃ ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি নিশা প্ৰায় ৮ বজাত কিশোৰীগৰাকীৰ ঘৰত কাষতে লাগি থকা প্ৰেমচান চৌহান নামৰ যুৱকজনে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি নাবালিকাগৰাকীৰ ওপৰত অসৎ কাৰ্য চৰিতাৰ্থ কৰে ৷ সেই সময়ত ৰাজপথেৰে অহা দুই যুৱকে কিশোৰীগৰাকীৰ চিঞৰ শুনা পাই ধৰ্ষণকাৰীক কৰায়ত্বৰ চেষ্টা কৰে ৷ কিন্তু যুৱক দুজনৰ হাতৰ পৰা প্ৰেমচান চৌহান পলায়ন কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে ঘটনাৰ সংক্ৰান্তত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে খেৰণি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক : চিবিএছইৰ ঘোষণা: দশম শ্ৰেণীৰ পৰীক্ষা বাতিল,দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত

Last Updated : Apr 15, 2021, 6:45 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.