ডিফু, ৪মে': মেইটেই সম্প্ৰদায়ক জনজাতিকৰণৰ দাবী (Demand for ST in Diphu)। মণিপুৰ চৰকাৰে দীৰ্ঘদিন ধৰি মেইটেই সম্প্ৰদায়ক সংবিধান প্ৰদত্ত দাবী অনুসৰি জনজাতিৰ মৰ্যাদা প্ৰদান নকৰাৰ অভিযোগ । মেইটেই সম্প্ৰদায়ক মণিপুৰ চৰকাৰে আজিলৈকে জনজাতিৰ মৰ্যাদা নিদিয়াক কেন্দ্ৰ কৰি বুধবাৰে কাৰ্বি আংলং জিলাৰ মাঞ্জাত মেইটেইসকলে ঐক্যৱদ্ধ হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ( Meitei community demand for ST) ৷ কাৰ্বি আংলং জিলা মেইটেই কালচাৰেল এছ'চিয়েছনৰ উদ্যোগত কালি মাঞ্জা-নগাঁও পথৰ সমীপত শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড, বেনাৰ, ফেষ্টুন আদি লৈ প্ৰতিবাদ জনায় (Karbi Anglong District Meitei Cultural Association)।
ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে 'ন এছ টি, ন' ৰেষ্ট, মণিপুৰ চৰকাৰে শীঘ্ৰে মেইটেই সকলক এছ টি মৰ্যাদা প্ৰদান কৰক, উচ্চ ন্যায়ালয়ৰ আদেশ পালন কৰক ' আদি শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে ৷ কাৰ্বি আংলং মেইটেই কালচাৰেল এছ'চিয়েছনৰ সভাপতি চন্দ্ৰ কুমাৰ সিঙে এই সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, জনজাতিৰ মৰ্যাদাৰ দাবী মেইটেই সকলৰ সংবিধান প্ৰদত্ত দাবী ৷ এই দাবী অনুসৰি মণিপুৰ চৰকাৰে মেইটেই সকলক শীঘ্ৰে জনজাতিৰ মৰ্যদা প্ৰদান কৰিবই লাগিব (Meitei community protest for ST) ।
জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে ভাৰতৰ বিভিন্ন প্ৰান্তত সিচঁৰিত হৈ থকা মেইটেই সকলে জনজাতিৰ মৰ্যাদা লাভ কৰাৰ লগতে ন্যায় পাব বুলি কয় কাৰ্বি আংলং মেইটেই কালচাৰেল এছ'চিয়েছনৰ সভাপতি চন্দ্ৰ কুমাৰ সিঙে ৷ যোৱা ২৭ এপ্ৰিলত উচ্চ ন্যায়লয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি সভাপতি গৰাকীয়ে কয় যে, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মেইটেই সকলক মণিপুৰ চৰকাৰে ৪ সপ্তাহৰ ভিতৰত জনজাতিৰ মৰ্যদা প্ৰদান কৰিব লাগে ৷ মণিপুৰ চৰকাৰে মেইটেই সম্প্ৰদায়ক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰালৈ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি যাব বুলি এছ'চিয়েছনৰ সভাপতি চন্দ্ৰ কুমাৰ সিঙে সঁকিয়াই দিয়ে ।