ডিফু, 22 জুলাই : অসমত কৰ'ণা মহামাৰী আৰু বানপানীয়ে ত্ৰাস চলাই থকাৰ সময়তে বুধবাৰে বিয়লি ডিফু চহৰৰ মাজ মজিয়াৰ শান্তিপাৰাৰ এক ঘন জনবসতি এলেকাত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বিয়লি ৪ মান বজাত ডিফু চহৰৰ ১ নং ৱাৰ্ডৰ শান্তিপাৰাত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ড ৷
লগে লগে ঘটনাস্থলীত ডিফু আৰক্ষীসহ অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও প্ৰৱেশ কৰা বাট ঠেক হোৱাৰ বাবে গাড়ী সোমাবলৈ সক্ষম নহ'ল উক্ত স্থানত ৷ শেষত উপায়বিহীন হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে কাষেৰে বৈ যোৱা ডিফু নদীত মটৰ স্থাপন কৰি অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
ভুক্তভোগী লোক সকলে জনোৱা অনুসৰি,বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ডটো সংঘটিত হৈছে ৷ অগ্নিৰ লেলিহান শিখাই অঞ্চলটোত প্ৰায় 30 টাতকৈ অধিক ঘৰ ভষ্মীভূত কৰি কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হোৱা বুলি উল্লেখ কৰে ৷ আনকি ঘটনাস্থলীত 4 জন লোক আহত হোৱা বুলিও জানিব পৰা গৈছে ৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত জিলা উপায়ুক্ত জয়ধ্বজ সিনহা আৰু ১ নং ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ হাৰাধন ঘোষ উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে ডিফু আৰক্ষীৰ সহযোগত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক : অনলাইন শিক্ষা : সুবিধাতকৈ বেছি অসুবিধাৰহে সন্মুখীন হৈছে ছাত্ৰ তথা